ঘিলামৰাত ১'৫৫ কোটি টকীয়া পথ নে মৰণফাণ্ড...

এটা কোটি টকীয়া লোকনিৰ্মান বিভাগৰ পথ সম্প্ৰতি মৰণ ফাণ্ডলৈ পৰিগণিত হৈছে । যাৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে ।

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত ১'৫৫ কোটি টকীয়া পথ নে মৰণফাণ্ড...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে আজিৰ পৰা প্ৰায় ২বছৰৰ পূৰ্বে নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা এটা কোটি টকীয়া লোকনিৰ্মান বিভাগৰ পথ সম্প্ৰতি মৰণ ফাণ্ডলৈ পৰিগণিত হৈছে । যাৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে । বিধায়ক দলে  ২০২০-২০২১ বিত্তীয় বর্ষৰ এছ অ পি ডি (গ্ৰামীণ) শিতানত দেউলীয়া পঞ্চায়তৰ চাকুলি গাঁওৰ পৰা আখৈফুটীয়া গাঁও সংযোগী প্ৰায় ২ কিলোমিটাৰ দৈর্ঘৰ পথটো নিৰ্মাণৰ ধণ আৱন্তন দিছিল । ১কোটি ৫৫ লাখ ৩৩ হাজাৰ টকা আৱন্তনত পথটোৰ কামৰ শুভাৰম্ভ হৈছিল।

ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলৰ অধীনৰ এই অতি ব্যস্ত পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিভাগৰ মহেন্দ্ৰ গুৰুং নামৰ ঠিকাদাৰ এগৰাকীয়ে। ৰাইজৰ সীমাহীন দুখ দুৰ্গতি অনুভৱ কৰি ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত বিধায়ক দলেয়ে এই আঁচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভুক্তভোগী ৰাইজক আশ্বস্ত কৰিছিল।

কিন্তু কামৰ ঠিকা লাভ কৰাৰ পাছত ঠিকাদাৰ গৰাকীয়ে চূড়ান্ত অৱহেলাপূৰ্ণ নীতিৰে আৰু শামুকীয়া গতিৰে পথ নিৰ্মাণ কাৰ্য  চলাই যোৱাত নাগৰিকৰ দুৰ্ভোগ কমাতকৈ দুগুণ বৃদ্ধিহে পাইছে। ৰাইজৰ দুখ দুৰ্দশালৈ কৰ্ণপাত নকৰি খেয়াল খুচি মতে নিৰ্মাণ কাৰ্য চলাই যোৱা ঠিকাদাৰ গুৰুঙৰ বেপৰোৱা মনোভাৱৰ বাবে চাকুলি ,আখৈফুটীয়াকে ধৰি বিভিন্ন অঞ্চলৰ নাগৰিকে এটা প্ৰাককলন অনুসৰি পকী পথ লাভ কৰিবলৈ সক্ষম হোৱা নাই। 

যোৱা প্ৰায় ২টা বছৰে কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱা ঠিকাদাৰ গুৰুঙৰ এনে বেপৰোৱা নীতিৰ বাবেই চলিত বৰষুণত কেঁচা মাটিৰে নিৰ্মিত পথটোৰ বিস্তৰ অংশ উটি বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ফলত দিবা-নৈশ যিকোনো মুহূৰ্তত ব্যস্ত পথটোত প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে । সমগ্ৰ পথটোৰ বিভিন্ন অংশত সৃষ্টি হোৱা এনে "ৰেইন কাট" সমূহ মাটিৰে পুতি দিয়াৰ ক্ষেত্ৰত মনোনিবেশ নকৰা ঠিকাদাৰ গৰাকীৰ দায়িত্বহীন আচৰণত ক্ষুব্ধ নাগৰিক পথচাৰী ।

ভুক্তভোগী নাগৰিকে ফোন কৰি ঠিকাদাৰজনক অভিযোগ দিব বিচাৰিলেও গুৰুঙৰ মবাইল চুইচ বন্ধ হৈ থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্রত লোক নিৰ্মাণ বিভাগৰ শাখা বিষয়া গৰাকীৰ আওকণীয়া স্থিতিয়েও অতিষ্ঠ কৰি আহিছে ৰাইজক । তদ্রুপ ভাবে লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰো এলেহুৱা ঠিকাদাৰ গৰাকীৰ প্ৰতি অহেতুক দৰদ আৰু নৰম ভূমিকাই  সমগ্ৰ আঁচনিখন ভেকুভাওনালৈ  পৰ্যবসিত কৰি আহিছে ।

বিধায়ক নৱ দলেৰ ৰাজহুৱা প্ৰতিশ্ৰুতিক নিষ্ফল কৰি কাৰ্যতঃ মিথ্যাচাৰী সজাই অহা ঠিকাদাৰ গুৰুঙৰ এনে মইমতালি দেখি শুনি বুজিও ঢকুৱাখনা মহকুমা প্ৰশাসন, লোকনিৰ্মান বিভাগ আৰু খুদ বিধায়ক গৰাকীয়ে গ্ৰহণ কৰি আহিছে ৰহস্যজনক মৌনব্ৰত ।  পৰিণতিত সীমাহীন দুৰ্ভোগ ভুগিব লগীয়া হৈছে বৃহত্তৰ আখৈফুটীয়া, চাকুলি আদি বিভিন্ন গ্রামাঞ্চলৰ নাগৰিকে। ভুক্তভোগী নাগৰিকৰ প্ৰশ্ন যদি ঠিকাদাৰৰ কাম সম্পূৰ্ণ কৰাৰ মানসিকতা নাই তেন্তে কিয় এনে সোৰোপা ব্যক্তিৰ ওচৰত পনবন্দী কৰি ৰাখিছে নাগৰিকক ? এই ক্ষেত্ৰত লখিমপুৰ জিলা উপায়ুক্ত আৰু লোকনিৰ্মান বিভাগৰ অধীক্ষক অভিযন্তাৰ জৰুৰী হস্তক্ষেপ ৰাইজৰ কাম্য।

Also Read: জামুগুৰিহাটৰ টৌভঙাৰ ৰেলৱে দলঙত যুৱকৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ...