জামুগুৰিহাটৰ টৌভঙাৰ ৰেলৱে দলঙত যুৱকৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ...

টৌভঙাৰ জীয়াভৰলী দলঙৰ ৰেলৱে চিৰিত এজন যুবকৰ চিন্ন-ভিন্ন দেহৰ অংশ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে ৰেলৱে চিৰিত এটা স্কুলীয়া বেগ,মোবাইলৰ ভগ্ন অংশ আৰু এখন আইডেণ্টিটি কাৰ্ড উদ্ধাৰ হৈছে ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ টৌভঙাৰ ৰেলৱে দলঙত যুৱকৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ...

rail accident

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙাৰ জীয়াভৰলী দলঙৰ ৰেলৱে চিৰিত এজন যুবকৰ চিন্ন-ভিন্ন দেহৰ অংশ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে ৰেলৱে চিৰিত এটা স্কুলীয়া বেগ,মোবাইলৰ ভগ্ন অংশ আৰু এখন আইডেণ্টিটি কাৰ্ড উদ্ধাৰ হৈছে ।

উদ্ধাৰ হোৱা তথ্যৰ পৰা যুবকজন খনামুখৰ মন্তু ছাহানী বুলি জানিব পৰা গৈছে ৷ জামুগুৰিহাটৰ THB কলেজৰ স্নাতক দ্বিতীয় ষন্মাষিকৰ ছাত্ৰ মন্তু চাহানী । ছাত্ৰজনে কলেজৰ পৰা ঘৰলৈ ওভতি গৈ কেনেকৈ টৌভঙাৰ জীয়াভৰলী ৰেলৱে দলঙত উঠিল সেইো ৰহস্যজনক দিও ছাত্ৰজনক চলন্ত ৰেলে কটাটো নিশ্চিত হৈ পৰিছে ।

ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

Also Read: সমকামী বুলি পৰিচয় দিলেই যাব লাগিব কাৰাগাৰলৈ...

#Railaccident