আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

author-image
Asomiya Pratidin
New Update
আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ নৱ নিযুক্তি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মুখ বন্ধ কৰিলে অসম চৰকাৰে ! এতিয়াৰে পৰা আনন্দ মিশ্ৰই কেমেৰাৰ সন্মুখত দিব নোৱাৰিব কোনো মন্তব্য !

Advertisment

লখিমপুৰ জিলাৰ আৰক্ষীৰ বাবে নিয়োগ কৰা হৈছে এগৰাকী মুখপাত্ৰ। এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক লখিমপুৰ জিলাৰ আৰক্ষীৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে।

যোৱা ২৪ মে' ত উলুবাৰীস্থিতি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা পত্ৰ Memo No. FA/XXII/2361/12/285 অনুসৰি এই সন্দৰ্ভত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক দিয়া হৈছিল নিৰ্দেশ। সেই নিৰ্দেশৰ ভিত্তিতে লখিমপুৰ জিলাৰ আৰক্ষীৰ বাবে এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক মুখপাত্ৰ হিচাপে দায়িত্ব দিয়া হৈছে।

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনা Memo No. CB/2023/485-91 অনুসৰি এতিয়াৰে পৰা লখিমপুৰ আৰক্ষীৰ সকলো বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব পাৰিব মুখপাত্ৰৰ দায়িত্ব লাভ কৰা এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে।

Also Read: হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৰদবদলঃ নন্দিতা গাৰ্লোছালৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ...

আনন্দ মিশ্ৰ অসম আৰক্ষী