/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1ce66914-9f16-4be6-a144-0366074cafd0/cabinet.jpg)
হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৰদবদলঃ নন্দিতা গাৰ্লোছালৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ...
ডিজিটেল ডেস্কঃ ৰদবদল কৰা হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। অৱশ্যে ব্যাপক হাৰত এই ৰদবদল হোৱা নাই। সামান্য ভাৱে হোৱা এই ৰদবদল মন্ত্ৰী যোগেন মহন, নন্দিতা গাৰ্লোছাৰ মাজত হৈছে।
মন্ত্ৰী যোগেন মহনক অতিৰিক্ত ভাৱে প্ৰদান কৰা হৈছে মাইনছ এণ্ড মিনাৰেলছ বিভাগ। পূৰ্বে এই বিভাগৰ দায়িত্বত আছিল নন্দিতা গাৰ্লোছা।
আনহাতে নন্দিতা গাৰ্লোছাক নতুনকৈ প্ৰদান কৰা হৈছে ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগ। পূৰ্বে এই বিভাগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখিছিল।
নতুনকৈ এই বিভাগৰ দায়িত্ব পোৱাৰ উপৰিও পূৰ্বৰ দৰেই মন্ত্ৰী যোগেন মহনৰ হাততেই থাকিব ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু হিলছ এৰিয়া ডেভলপমেণ্ট বিভাগ।
একেদৰে নন্দিতা গাৰ্লোছাৰ হাতত পূৰ্বে থকা শক্তি বিভাগ, খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগকে ধৰি আটাইকেইটা বিভাগ থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/49dc7fba-8458-49cd-9849-34d003f7c2d0/2c9ff664_07c1_4208_8d08_9c26f1b7dd18.jpg)
Also Read: নিয়ন্ত্ৰণ হ'ল নুমলীগড়ত সংঘটিত অগ্নিকাণ্ডঃ বতাহত বিয়পা গেছ হ'ব পাৰে ক্ষতিকাৰক...