/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/jqxycbi5/8626c4a5-c0c1-4b6f-b9d6-d7fbc4583ac7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সমগ্ৰ দেশৰ লগতে ৭৮ সংখ্যক স্বাধীনতা দিৱসটি ঢকুৱাখনা মহকুমাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত বৃহস্পতিবাৰে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/kgq27zga/f7f3f655-6bc5-4f3f-bcd9-3e2b669e94dc.jpg)
স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত মহকুমা প্ৰশাসনৰ সমূহ আমোলা বিষয়া কৰ্মচাৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী , গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী আৰু ৰাইজ উপস্থিত থাকে। ত্ৰিৰংগা উত্তোলন কৰি ৰাজ্য চৰকাৰে ঢকুৱাখনা মহকুমাৰ উন্নয়ন বিকাশৰ বাবে গ্ৰহণ কৰা সামগ্ৰিক উন্নয়নমূলক আঁচনিৰ বিস্তৃত খতিয়ান দাঙি ধৰে উপ আয়ুক্ত কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/vp9wzyfv/868c6ca6-8bff-44cb-bb9a-89589a7358db.jpg)
মহকুমাটোৰ ১৭ খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ লগতে আৰক্ষী দলেও অংশ গ্ৰহণ কৰা "মাৰ্চপাষ্ট"ৰ অভিবাদন গ্ৰহণ কৰে উত্তোলক কলিতাই। মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্যই সহযোগিতা আগবঢ়োৱা দিৱসত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীযেও পূৰ্ণ অংশ গ্ৰহণ কৰে।
দিৱসৰ সতে সংগতি ৰাখি মহকুমাটোৰ বিভিন্ন ক্ষেত্ৰৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় । দিনজোৰা কাৰ্যসূচীত ঢকুৱাখনা টাইকোৱান্দু দলৰ লগতে বিভিন্ন প্ৰতিষ্ঠানৰ তৰফৰ পৰা কলা কৌশল প্ৰদৰ্শন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/092a780p/104cf546-7ae7-466f-aba7-e10870e8d4b1.jpg)
বিয়লি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ছোৱালীৰ ফুটবল খেল অনুষ্ঠিত কৰা হয়। সন্ধিয়া ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/dylmlufc/4e606864-dbdb-4ac3-bce4-00a6e7a95dce.jpg)
মহকুমা প্ৰশসনৰ অন্তৰ্গত ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত , বিভাগীয় শীর্ষ বিষয়া কৰ্মচাৰী উপস্থিত থকা সাংস্কৃতিক অনুষ্ঠানত ভিন্নসুৰী সাংস্কৃতিক কাৰ্যসূচীযে সামৰণি অনুষ্ঠানৰ সফল সমাপ্তি কৰা হয়।
Also Read: কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা -বৰষুণ