বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন: লখিমপুৰত চিকিৎসা বিষয়াৰ ১৬৯ টা পদৰ ৫০ তাই খালী...

বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন: লখিমপুৰত চিকিৎসা বিষয়াৰ ১৬৯ টা পদৰ ৫০ তাই খালী...

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন: লখিমপুৰত চিকিৎসা বিষয়াৰ ১৬৯ টা পদৰ ৫০ তাই খালী...

বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন: লখিমপুৰত চিকিৎসা বিষয়াৰ ১৬৯ টা পদৰ ৫০ তাই খালী...

ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সহযোগত আজি বিহপুৰীয়াৰ বামুণ গাৱঁত এটি নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ শুভ উদ্বোধন কৰা হয় ৷ বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই কেন্দ্ৰটি উদ্বোধন কৰে ৷

Advertisment

এই উদ্দেশ্যে ডাঃ প্ৰফুল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই বিহপুৰীয়া সমষ্টিৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ ৰাইজক অৱগত কৰে ৷ সভাত লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণিন কুমাৰ গগৈয়ে লখিমপুৰ জিলাত পদ অনুপাতে চিকিৎসক নথকা বিষয়টো সদৰী কৰে৷

জিলাখনত ১৬৯ টা চিকিৎসা বিষয়া পদৰ ৫০ টা পদেই খালী বুলি উল্লেখ কৰে সঞ্চালক গৰাকীয়ে৷ বিতুপন বৰুৱাই আতঁধৰা উদ্বোধনী সভাখনত মহকুমা স্বাস্থ্য বিষয়া ডাঃ মৰমী কলিতা, বঙালমৰা চিকিৎসালয়ৰ চিকিৎসক ডাঃ দ্বিপেন বৰা, জিলা আৰু খণ্ড আচঁনি বিষয়া ক্ৰমে দেবাংগ বিকাশ গগৈ আৰু জ্ঞানদ্বীপ শইকীয়া উপস্থিত থাকে ৷

Also Read: বৰপেটাত কুঠাৰেৰে ঘপিয়াই পত্নী, কন্যাক হত্যা...

বিহপুৰীয়া