বৰপেটাত কুঠাৰেৰে ঘপিয়াই পত্নী, কন্যাক হত্যা...

বৰপেটাত কুঠাৰেৰে ঘপিয়াই পত্নী, কন্যাক হত্যা...

author-image
Asomiya Pratidin
New Update
বৰপেটাত কুঠাৰেৰে ঘপিয়াই পত্নী, কন্যাক হত্যা...

বৰপেটাত কুঠাৰেৰে ঘপিয়াই পত্নী, কন্যাক হত্যা...

ডিজিটেল সংবাজ বৰপেটাঃ বৰপেটা চহৰৰ গান্ধী নগৰত আজি সন্ধিয়া সংঘটিত এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিজ পত্নী আৰু কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত কেইবাশ লোকে ভিৰ কৰে ৷

Advertisment

বৰপেটাৰ গান্ধী নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডত পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাস নিহত হয় ৷ স্বামী ঋষভ দাসে অতি নৃশংভাৱে ঘপিয়াই ঘপিয়াই হত্যা কৰে পত্নী বিনীতা আৰু কন্যা হিয়া দাসক ৷

ইতিমধ্যে ঘটনাস্থলীত বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ঋষভ দাসক কৰায়ত্ব কৰে ৷ ইতিমধ্যে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

পাৰিবাৰিক সংঘাতৰ বাবেই ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেবাটাও আঙুলি চেদ কৰিছিল অভিযুক্ত ঋষভ দাসে ৷ মনোহাৰী মালৰ ব্যৱসায়ী ঋষভ দাসৰ এনে অমানুষিক কাণ্ডত অঞ্চলবাসী মৰ্মাহত হৈছে আৰু হত্যাকাৰীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ৷

Also Read: ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...

অপৰাধ