/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1888c76b-bf74-4e56-9100-83be53ea7de4/lumding_28.jpg)
লামডিঙত বাহনৰ ওপৰতে বাগৰিল বাঁহৰ প্ৰকাণ্ড গেট...
ডিজিটেল সংবাদ লামডিংঃ ৰাজ্যজুপী ৰীমাল ঘূৰ্ণিবতাহৰ তাণ্ডৱ অব্যাহত আছে। এই ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱা নাই লামডিঙো। মাজ নিশাৰে পৰা লামডিঙৰ বিভিন্ন অঞ্চলত বতাহ, বৰষুণে বিস্তৰ ক্ষতি কৰিছে।
এনে তীব্ৰ বতাহৰ ফলত লামডিঙৰ হৰুলংফাৰ ৰে'লৱে ব্ৰীজৰ ওপৰত সংঘটিত হৈছে এক দুৰ্ঘটনা।এই দুৰ্ঘটনাত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা শীতলা পূজাৰ এখন প্ৰকাণ্ড বাঁহৰ গেট ভাঙি পৰিল এখন বাহনৰ ওপৰত।
ফলত বহু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ পৰিল হৰুলংফাৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা। অৱশ্যে বৰ্তমান এই পথ মুকলিৰ বাবে কাম আৰম্ভ কৰিছে স্থানীয় প্ৰশাসনে।
Also Read: মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কবাণীঃ নাযাব মাছ ধৰিবলৈ, কৃষি কৰ্ম কৰিবলৈ...