ঢকুৱাখনাত সোণাৰীৰ ঘৰত বৃহৎ পৰিমাণৰ টকা-গহনা উদ্ধাৰ

ঢকুৱাখনাত সোণাৰীৰ ঘৰত বৃহৎ পৰিমাণৰ টকা-গহনা উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত সোণাৰীৰ ঘৰত বৃহৎ পৰিমাণৰ টকা-গহনা উদ্ধাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ এগৰাকী সোণৰ গহনা ব্যৱসায়ীৰ সতে জড়িত ব্যক্তিৰ ঘৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ টকা আৰু সোণৰ অলংকাৰ। ঢকুৱাখনা আৰক্ষীৰ অভিযানকালত উদ্ধাৰ হৈছে এই ধন সম্পত্তি ।

Advertisment

ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক গৌৰৱ ভূমিজৰ এক খবৰৰ ভিত্তিত ঢকুৱাখনা নগৰৰ বালি গাঁও অঞ্চলত ভাড়াতীয়া হিচাপে থাকি দত্ত জুৱেলাৰ্চত কৰ্মৰত বিনয় সূত্ৰধৰ নামৰ ব্যক্তিজনৰ ঘৰত সোমবাৰে অভিযান চলায়। অভিযান কালত নগদ ১৬ লক্ষাধিক টকা আৰু মূল্যবান সোণৰ অলংকাৰ উদ্ধাৰ কৰে ।

আৰক্ষীয়ে উক্ত ধন আৰু অলংকাৰখিনি চৌৰ্যবৃত্তিত জড়িতই বিক্ৰী কৰা আৰু ধন মজুত কৰাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰি জব্দ কৰে । এই সন্দৰ্ভত বহু কেইটা চোৰে লুটপাত চলোৱা পৰিয়ালক থানালৈ মাতি অলংকাৰ প্ৰদৰ্শন কৰে যদিও সেয়া তেওঁলোকৰ নহয় বুলি জনায় ।

পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰৰ পাছত মঙলবাৰে ধৃত ব্যক্তিজনক ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে। জনামতে আৰক্ষীয়ে ব্যক্তিজনক অধিক সোধা পোচাৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে ।

ঢকুৱাখনা নগৰৰ বিভিন্ন স্থানত সংঘটিত চোৰৰ দ্বাৰা এনে ধন অলংকাৰ লুটপাত কৰি গোপনে এখন বজাৰ চলি অহাৰ আশংকা কৰা হৈছে । আৰক্ষীয়ে উক্ত গহনাৰ বিক্রেতাত সন্ধান উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ পাছত প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

Also Read: সাৱধান! ফৰ্মেলিনৰ পাছত এইবাৰ চালানী মাছত ইউৰিয়াৰ অৱস্থিতিৰ অভিযোগ...

dhakuakhana