/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/e8c1jouh/14.jpg)
ডিজিটেল সংবাদ,নগাঁও: এটা বছৰ পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ এটা বাতৰিয়ে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল। মহাবিদ্যালয় খনৰ প্ৰাণী বিজ্ঞান বিভাগে গৱেষণাত মধ্য অসমৰ বিভিন্ন বজাৰত চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলাইছিল। ফৰ্মেলিনৰ যি মাত্ৰা আছিল মানৱ শৰীৰৰ বাবে অতিকে ক্ষতিকাৰক। সমান্তৰালকৈ পুনৰ এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নগাঁৱৰ একাংশ মীন ব্যৱসায়ীয়ে।
অসাধু মৎস্য পালকে মাছৰ শ্ৰী বৃদ্ধিৰ বাবে পুখুৰীত অতি মাত্ৰাত ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। নগাঁৱৰ শ’লমাৰীৰ অন্তৰ্গত এটা বৃহৎ আকাৰৰ পুখুৰী পাৰত ইউৰিয়া সাৰৰ বস্তা দমাই থোৱা পৰিলক্ষিত হয়। চহৰখনৰ দাঁতি-কাষৰীয়া ইটাপাৰাৰ শ’লমাৰীৰ এয়া সুলভ দৃশ্য।
অভিযোগ অনুসৰি, এই পুখুৰী বোৰত কালিছ নামৰ এজন অসাধু মৎস্য ব্যৱসায়ীয়ে কম দিনৰ ভিতৰতে মাছৰ ওজন বৃদ্ধিৰ বাবে মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক সাৰ অধিক মাত্ৰাত ব্যৱহাৰ কৰি আহিছে। মীন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি কালিছ হঁতৰ দৰে ব্যৱসায়ীয়ে কেৱল নিজ মুনাফাৰ বাবে মীন আইনক জলাঞ্জলি দিছে।
যি সময়ত নগাঁও বাসীয়ে চালানী মাছৰ পৰিৱৰ্তে থলুৱা ভাৱে উৎপাদিত মাছ খোৱাৰ সপোন দেখিছে, তেনে সময়তে কালিচ হঁতৰ দৰে অসাধু ব্যৱসায়ীয়ে সহজে ধন ঘটিবলৈ অসাধু কৰ্মত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
Also Read: অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...