পুত্ৰ উজলিল ৯৬.৫% নম্বৰেৰে, সা-সুবিধা দিব নোৱাৰাকলৈ দুখ প্ৰকাশ পিতৃ-মাতৃৰ...

সুখ আৰু দুখক দুডাল সমান্তৰাল সৰলৰেখা হিচাবে লৈ কোনোদিনেই একেলগ হ'বলৈ নিদিলে নাৰায়ণপুৰৰ বিস্ময় বিকাশে ৷
পুত্ৰ উজলিল ৯৬.৫% নম্বৰেৰে, সা-সুবিধা দিব নোৱাৰাকলৈ দুখ প্ৰকাশ পিতৃ-মাতৃৰ...

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ সুখ আৰু দুখক দুডাল সমান্তৰাল সৰলৰেখা হিচাবে লৈ কোনোদিনেই একেলগ হ'বলৈ নিদিলে নাৰায়ণপুৰৰ বিস্ময় বিকাশে ৷ আন বহুতৰ দৰে সা-সুবিধা লাভৰ পৰা বঞ্চিত হ'লেও সা-সুবিধা লাভ কৰা বহুততকৈ অধিক নম্বৰসহ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰজনে ৷

বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নাৰায়ণপুৰৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ সমীপৰ শ্ৰীভূঞা গাঁৱৰ বিস্ময় বিকাশ নেওগ উত্তীৰ্ণ হ'ল ৯৬.৫ শতাংশ নম্বৰ লাভ কৰি ৷ বিস্ময় বিকাশৰ পিতৃ পৰেশ নেওগে ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে কোনোমতে ঘৰখন চলাই আছে ৷

মাতৃ ৰাণু নেওগে পুত্ৰৰ পঢ়া টেবুলখনৰ কাষতে বহি দিনে-নিশাই স্বপ্নত বিভোৰ হৈ থাকিল পুত্ৰৰ সাফল্যক লৈ ৷ অৱশেষত সেই দিনটো আহিল সোমাবাৰে ৷ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাসকলতকৈ মাত্ৰ কেইটামান নম্বৰহে কমকৈ লাভ কৰি উজ্বলি উঠিল বিস্ময় বিকাশ নেওগ ৷

দৰিদ্ৰতা নেওচি ধৰি প্ৰৱল আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা বিস্ময়ৰ নম্বৰৰ তালিকাখন এনেধৰণৰ- ইংৰাজীত ৯৮ , অসমীয়াত ৯২ , সাধাৰণ গণিতত ৯৭ , সাধাৰণ বিজ্ঞানত ৯৭, উচ্চ গণিতত ৯৭ আৰু সমাজ বিজ্ঞানত ৯৮ ৷

পুত্ৰৰ এই সফলতাৰ পিছতেই অভিভাৱকে থোকা-থুকি মাতেৰে সংবাদ মাধ্যমৰ আগত কয় ঘৰুৱা শিক্ষকৰ ব্যৱস্থা কৰিব নোৱাৰিলো । "আৰু উন্নত হ'ব বুলি ভাবিছিলোঁ, তাৰ বাবে আমি দুঃখিত ৷"

পুত্ৰ উজলিল ৯৬.৫% নম্বৰেৰে, সা-সুবিধা দিব নোৱাৰাকলৈ দুখ প্ৰকাশ পিতৃ-মাতৃৰ...
অমৃত পাল সিঙক জেৰা চলাবলৈ ডিব্ৰুগড় কাৰাগাৰত NSA ৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in