ড০ গীতালি শইকীয়া আৰু ড০ প্ৰদীপ কুমাৰ ভূঞালৈ হোমেন বৰগোহাঞি ন্যাসৰ স্মাৰক বঁটা...
ড০ গীতালি শইকীয়া আৰু ড০ প্ৰদীপ কুমাৰ ভূঞালৈ হোমেন বৰগোহাঞি ন্যাসৰ স্মাৰক বঁটা...

ড০ গীতালি শইকীয়া আৰু ড০ প্ৰদীপ কুমাৰ ভূঞালৈ হোমেন বৰগোহাঞি ন্যাসৰ স্মাৰক বঁটা...

ডিজিটেল সংবাদ ঢকুৱাখনা: প্ৰজ্ঞাৰ সাধক, যশস্বী সাহিত্যিক, সাংবাদিক, অসমীয়া ভাষা সাহিত্যৰ স্বাভিমানী আৰু স্বৰ্ণ উজ্জ্বল নক্ষত্ৰ প্ৰয়াত হোমেন বৰগোহাঞিৰ ৯২ সংখ্যক জন্ম দিৱসৰ সতে সংগতি ৰাখি বৃহস্পতিবাৰে বিশিষ্ট কথা শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হয় জনমভূমি ঢকুৱাখনাত। প্ৰজ্ঞাধিমান বৰগোহাঞিৰ জীৱিত কালতে প্ৰাণ প্ৰতিষ্ঠা হোৱা ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ন্যাসৰ স্থায়ী ভৱন প্ৰাঙ্গনত বিয়লি অনুষ্ঠিত কৰা হয় স্মৰণ অনুষ্ঠান আৰু এক সংবাদমেল ।

প্ৰয়াত সাহিত্যিক বৰগোহাঞিৰ ৯২ সংখ্যক জন্মদিন উপলক্ষত ন্যাস ভৱনত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি জ্বলাই সশ্ৰদ্ধ স্মৰণ কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠিত এক সংবাদমেলত উপস্থিত থাকি সম্বোধন কৰে ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈ, ন্যাসৰ সমন্বয়ক দুলেন চমুৱা আৰু সচিব সেৱক চুতীয়াই।

ন্যাসৰ বিষয়ববীয়া কলে ২০২২-২০২৩ বর্ষৰ ন্যাসৰ বঁটা প্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে সংবাদমেলত। সেই অনুক্ৰমে "বগলী সূতাৰ চাদৰখন" শীর্ষক আত্মকথা বিশিষ্ট সুখপাঠ্য প্ৰবন্ধ সংকলনৰ বাবে যোৰহাটৰ ড০ গীতালি শইকীয়ালৈ ২০২২-২০২৩ বর্ষৰ হোমেন বৰগোহাঞি সাহিত্যিক বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে।

"সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব", "ফক থিয়েটাৰ অৱ আচাম"ৰ স্ৰষ্টা ড০ শইকীয়াই শিশু আৰু কিশোৰৰ শিক্ষা আৰু স্বাস্থ্যৰ বিষয়ে কৰা গৱেষণাৰ বাবে ইউনিচেফৰ মিডিয়া ফেলশ্বিপ, হাতী আৰু মানুহৰ সংঘাটৰ সন্দৰ্ভত কৰা গৱেষণাৰ বাবে অসম চৰকাৰৰ মিডিয়া ফেলশ্বিপ, জলবায়ু পৰিবৰ্তন সম্পৰ্কে অধ্যয়নৰ বাবে অসম প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ মিডিয়া ফেলশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ন্যাসৰ চতুৰ্থ সংখ্যক সাহিত্যিক বঁটাত নগদ ২৫ হাজাৰ টকা , প্ৰশস্তি পত্ৰ ,গ্ৰন্থ সম্ভাৰ, সঁফুৰা আৰু গামোচা চেলেং চাদৰ থাকিব।

ইয়াৰোপৰি ন্যাসৰ "সেউজ বঁটা"ৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট প্ৰকৃতি সংৰক্ষক ড০ প্ৰদীপ কুমাৰ ভূঞাক । প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতি বিষয়ক কৰ্ম সজাগতাৰ প্ৰতি সমৰ্পিত আৰু আত্মোৎসৰ্গিত ব্যক্তি ড০ ভূঞালৈ ন্যাসৰ ২০২২-২০২৩ বর্ষৰ "সেউজ বঁটা" আগবঢ়োৱা হৈছে ।

এই বঁটাত নগদ ২০ হাজাৰ টকা প্ৰশস্তি পত্ৰ, গ্ৰন্থ সম্ভাৰ সঁফুৰা আৰু গামোচা চেলেং চাদৰ থাকিব।

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া হাতীখুলীত প্ৰায় ২০০ বিঘা মাটিত হাতীৰ বাবে খাদ্য খেতি কৰি হাতী-মানুহৰ সুদীর্ঘ সময়ৰ সংঘাত দূৰীকৰণত ব্ৰতী হৈ অহা ড০ ভূঞাৰ একক প্ৰচেষ্টাত "হাতী বন্ধু" নামৰ এটা বেচৰকাৰী সংগঠনে আত্মপ্ৰকাশ কৰি অদ্যপি নীৰৱ সেৱা আগবঢ়াই আহিছে। ইয়াৰোপৰি গোগামুখত নিৰ্মীয়মান গেৰুকামুখ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে "গ্ৰীণ ট্ৰীবিউনেল"ত ৰুজু হোৱা গোচৰ আৰু ৰাজ্যখনত এন আৰ চি প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰুজু কৰা গোচৰৰো অন্যতম মুখ্য নায়ক হিচাবে চিৰ পৰিছিত আৰু স্বীকৃত ড০ ভূঞা আৰু সুলেখিকা ড০ শইকীয়াক এই বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচিত কৰি আপ্লুত ন্যাস ।

প্ৰণিধানযোগ্য যে ২০১২ চনত ঢকুৱাখনাত প্ৰাণ প্ৰতিষ্ঠা হোৱা প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞি ন্যাসৰ তৰফৰ পৰা একাদিক্ৰমে এই দ্বিবাৰ্ষিক বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰতিষ্ঠা কালৰে পৰা ন্যাসে ৪০ বছৰৰ অনুৰ্দ্ধ লেখক, সাহিত্যিকসকলৰ মাজত প্ৰদান কৰি অহা এই দুই বঁটাৰ চতুৰ্থ সংখ্যক অনুষ্ঠান অহা বর্ষৰ এপ্ৰিল অথবা মে' মাহত অনুষ্ঠিত কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে ন্যাসৰ তৰফৰ পৰা।

উল্লেখ্য যে, ন্যাস প্ৰদত্ত সাহিত্যিক বঁটা ২০১৫ বর্ষত প্ৰদান কৰা হৈছিল "শুকুৰবৰীয়া বজাৰ আৰু অন্যন্য"গ্ৰন্থৰ বাবে অজিত ভৰালীক, ২০১৭ বর্ষত নিৰবধি "নৈৰঞ্জনা" শীর্ষক গ্ৰন্থৰ বাবে গীতালি বৰাক, ২০১৯ বর্ষত "ৰং" উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ আগবঢ়োৱা হৈছিল।

তেনেদৰে হোমেন বৰগোহাঞি স্মাৰক সেউজ বঁটা ২০১৭ বর্ষত টেপৰচালি বাম গাঁও আৰু বৰভূই চেতিয়া গাঁও( ধনেশ পক্ষী সংৰক্ষক)ক, ২০১৯ বর্ষত দেও পাহাৰৰ সংৰক্ষক ড০ অপূৰ্ব বল্লভ গোস্বামীলৈ আগবঢ়াইছিল ন্যাস পৰিয়ালে ।

ড০ গীতালি শইকীয়া আৰু ড০ প্ৰদীপ কুমাৰ ভূঞালৈ হোমেন বৰগোহাঞি ন্যাসৰ স্মাৰক বঁটা...
বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in