ম'হঘুলিত অৱহেলিত মহঘুলিৰ স্ৰষ্টা, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞি...

ঢকুৱাখনাত প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ
ম'হঘুলিত অৱহেলিত মহঘুলিৰ স্ৰষ্টা, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞি...
ম'হঘুলিত অৱহেলিত মহঘুলিৰ স্ৰষ্টা, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞি...

ডিজিটেল সংবাদ ঢকুৱাখনা: প্ৰজ্ঞাৰ সাধক, প্ৰথিতযশা কথা শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ তৃতীয় সংখ্যক মৃত্যু তিথি দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয়। কোনো তথাকথিত অনুৰাগী অনুষ্ঠান নহয় প্ৰয়াত প্ৰজ্ঞাধিমানগৰাকীৰ আত্মীয় স্বজনৰ আতিথ্যত ঢকুৱাখনা নগৰৰ বালিগাঁৱত অনুষ্ঠিত কৰা হয় তৃতীয়বাৰ্ষিক মৃত্যু তিথি ভাগি।

বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন, বিশিষ্ট শিক্ষাবিদ, সংগীত সাধক শঙ্কৰ পাটোৱাৰী , কবি ৰাজীৱ তামুলী, জয়চন্দ্ৰ হাজৰিকা, কবি মৌচুমী হাতীবৰুৱা, কবি সুলেখিকা নৱনিতা গগৈ, কণ্ঠশিল্পী সুনীল দুৱৰাকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত। ঢকুৱাখনাৰ স্বাভিমানী নক্ষত্ৰ প্ৰয়াত বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি চাৰণ সভাৰ শুভাৰম্ভ কৰা হয়।

মহাবিদ্যালয় শিক্ষক ৰাজেশ চেতিয়াই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই বৰগোহাঞিৰ জীৱন চৰ্যা, সাহিত্য কৰ্ম সন্দৰ্ভত সান্নিধ্যপূৰ্ণ মূল্যায়ন কৰি মননশীল বক্তব্য আগবঢ়াই বিশিষ্ট অতিথি ইছমাইল হুছেইনে। নিজৰ মননশীল বক্তব্যত সাহিত্যিক হুছেইনে হোমেন বৰগোহাঞিৰ দৰে কথা সাহিত্যিকক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ তেখেতৰ জন্ম তিথি ৭ ডিচেম্বৰ আৰু মৃত্যু তিথি ১২মে'ৰ দিন দুটা ঢকুৱাখনাৰ সকলো শিক্ষানুষ্ঠানত তেখেতৰ সৃজনশীলতাৰ ওপৰত আলোচনা হ'ব লাগে আৰু সাহিত্য কৰ্মৰ মূল্যায়ন সূচক পৰ্য্যালোচনা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

সুদীর্ঘ ভাষণত সাহিত্যিক হুছেইনে ঢকুৱাখনাৰ মহঘুলি চাপৰিক লোক চক্ষুলৈ উলিয়াই অনা, চাৰিকড়ীয়াক গ্ৰন্থৰ বুকুত উমাল কৰি ৰখা, ফাটবিহুক ঢকুৱাখনাৰ স্বাভিমানী লোক সম্পদ হিচাবে গঢ়ি তোলাত কথা শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ অতুল্য অৱদানৰ বিস্তৃত অবলোকন কৰে। বাৰ্ধক্যৰ মাজতো এটা শিশু সুলভ মনক লৈ অবিৰাম সৃষ্টিশীল কামেৰে নিজক ব্যস্ত ৰাখি যোৱা ঢকুৱাখনাৰ গৌৰৱ বৰগোহাঞিৰ তৃতীয় মৃত্যু তিথিত তেখেতৰ গৃহভূমিত অনুষ্ঠিত স্মৃতি চাৰণ সভাত উপস্থিত হ'বলৈ পায় নিজকে কৃতাৰ্থ হোৱা বুলি কয় হুছেইনে ।

প্ৰয়াত বৰগোহাঞিৰ আত্মীয় স্বজন কবি ,সংগীত শিল্পী, জ্যেষ্ঠ কনিষ্ঠ বহু সংখ্যক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত মৃত্যু বাৰ্ষিকী অনুষ্ঠানত শিক্ষাবিদ,সংগীত শিল্পী শংকৰ পাটোৱাৰীয়ে দুটা গীতেৰে প্ৰয়াত সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।সভাত কণ্ঠশিল্পী সুনীল দুৱৰাৰ শ্ৰুতিমধুৰ গীত আৰু ময়ূৰ কৃষ্ণা বৰাৰ কবিতা আবৃত্তিয়ে কথা শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচে।

অনুষ্ঠানটোত উপস্থিত থাকি সুলেখিকা মৌচুমী হাতীবৰুৱাই মহঘুলি চাপৰিৰ পৰা ফাটবিহুলৈ এই প্ৰাচুৰ্যময় প্ৰাকৃতিক সম্পদৰ আৱিষ্কাৰক প্ৰয়াত সাহিত্যিক বৰগোহাঞিক ফাটবিহুৰ উদ্যোগক্তাসকলে পাহৰি যোৱা অকৃতজ্ঞ মানসিকতাত গভীৰ দুখ প্ৰকাশ কৰে। ঢকুৱাখনাৰ স্বাভিমানী কথা শিল্পীগৰাকীৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ দিনতোত ফাটবিহুৰ মজিয়াত এগছি বন্তি জ্বলাবলৈ, এবাৰ শ্রদ্ধাঘ্য জনাবলৈ এলাহ কৰা ফাটবিহু সমিতিৰ এনে অকৃতজ্ঞ মানসিকতা প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতি চৰম অৱজ্ঞা বুলি মন্তব্য কৰে।

তাৰোপৰি হাতীবৰুৱাই সাহিত্যিকগৰাকীৰ তথাকথিত অনুৰাগী বুলি জাহিৰ কৰি অহা এটা সংস্থাৰ বৰগোহাঞিৰ এই মৃত্যু তিথিৰ দিনা পালমৰা স্থিতিকো কটু সমালোচনা কৰে সংবাদ মাধ্যমৰ আগত। কবি ৰাজীৱ তামুলীয়ে গীত আৰু ভাষণেৰে শ্রদ্ধাঘ্য জনোৱা অনুষ্ঠানত কল্পনা গগৈ কোঁৱৰে প্ৰয়াত সাহিত্যিকগৰাকীৰ সৈতে কটোৱা সান্নিধ্যৰ সন্দৰ্ভত চমু বক্তব্য আগবঢ়াই ।

তাৎপৰ্যপূৰ্ণ কথা হ'ল কালিৰ ফাটবিহুৰ মুকলি সভাত উপস্থিত বিশিষ্ট ব্যক্তি ,উদ্বোধক দিগন্ত শইকীয়া, উপাচাৰ্য ড০ নিৰোদ বৰুৱা, ঢোলৰ ওজা সোম নাথ বৰা, বিধায়ক নৱ দলে,প্ৰাক্তন সাংসদ ৰাণী নৰহ কোনো এজন ব্যক্তিয়ে আগবঢ়োৱা ভাষণত ঢকুৱাখনাৰ সু-সন্তান বৰগোহাঞিৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ দিনা এটা শব্দৰে শ্ৰদ্ধা জনাবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে। এটা শব্দৰে প্ৰজ্ঞাৰ সাধকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে।

শুভাযাত্ৰাৰ উদ্বোধিকা অভিনেত্ৰী প্ৰীতি কংকনাৰো ঢকুৱাখনাৰ স্বাভিমানী সাহিত্যিকগৰাকীক মৃত্যু তিথিৰ দিনা ঢকুৱাখনাৰ ফাটবিহু বাকৰিৰ পৰা এবাৰ স্মৰণ কৰিবলৈ জ্ঞান গৰিমাৰ অভাৱ হোৱা দেখা গ'ল। ফাটবিহু সমিতিয়েও ফাটবিহুৰ দিক-দৰ্শকগৰাকীলৈ শ্ৰদ্ধা জনাই এখন প্ৰতিচ্ছবিত এডাল ধূপ কিম্বা এগছি বন্তি জ্বলাবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে ।

জীৱিত অৱস্থাত বৰগোহাঞিৰ এপলক সান্নিধ্য পাবলৈ নিগনি দৌৰ মৰা, নামত অনুষ্ঠান খুলি সুবিধা আদায় কৰাত সিদ্ধহস্ত এনেবোৰ জনপ্ৰতিনিধি, ব্যক্তি, অনুষ্ঠানৰ এনে অৱজ্ঞা,অৱহেলাই বাস্তৱিকতে স্বাৰ্থমুখী মনস্তত্বকে প্ৰকট কৰিলে বুলি ঢকুৱাখনাৰ হাতে বাটে ব্যাপক চৰ্চা চলিছে ।

ম'হঘুলিত অৱহেলিত মহঘুলিৰ স্ৰষ্টা, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞি...
বামাখাটা ব'হাগী উৎসৱৰ সামৰণি: ৮ গৰাকী বিশিষ্টক বিভিন্ন উপাধি প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in