/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0c7c207d-9481-4a7f-a956-b9f1b0f9f198/bojali_13.jpg)
বামাখাটা ব'হাগী উৎসৱৰ সামৰণি: ৮ গৰাকী বিশিষ্টক বিভিন্ন উপাধি প্ৰদান...
ডিজিটেল সংবাদ পাটাছাৰকুছিঃ বৃহত্তৰ বজালীৰ ঐতিহ্যমণ্ডিত বামাখাটা ব'হাগী উৎসৱ দুদিনীয়া বৰ্ণাধ্য কাৰ্যক্ৰমনিকাৰে উদযাপন কৰাৰ কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বজালীৰ সামাজিক, সাংস্কৃতিক, অভিনয়,সাহিত্যি,সংবাদকৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা আঠ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ উপাধি প্ৰদান কৰে।
২১ এপ্ৰিলত আৰম্ভ হোৱা তিনিদিনীয়া বিহু ১১ আৰু ১২ মে'ত সামৰনি পৰে। অসমীয়া চহা কৃষকৰ সৈতে সম্পৰ্ক থকা সতামপুৰুষীয়া খেল, ধেমালি প্ৰতিযোগিতা মুকলি বিহু, স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰি ১২ মে'ৰ দিনা বিভিন্ন প্ৰতিযোগিতাৰ উপৰি উদযাপন সমিতিৰ স্থায়ী সভাপতি মিহিৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা, বঁটা বিতৰণি সভাত বজালীৰ সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা কেবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষ উপাধিৰে সন্মানিত কৰে।
দীৰ্ঘদিন ধৰি বজালীৰ সামাজিক সাংস্কৃতিৰ আৰু সংবাদ ক্ষেত্ৰখনত নিৰৱছিন্নভাবে সেৱা আগবঢ়াই অহা নিউজ লাইভ আৰু দৈনিক অসম কাকতৰ সাংবাদিক হীৰেন কলিতাক 'সংবাদ বন্ধু' উপাধি প্ৰদান কৰা হয়। সেইদৰে লোক সংস্কৃতিৰ অনন্য শিল্পী বসন্ত পাটগিৰীক 'লোকসংগীত শিৰোমনি', দক্ষ অভিনেতা সঞ্জীৱ তালুকদাৰক 'নাট্যজোতি', বিশিষ্ট সংগীত পৰিচালক দীপক বৰুৱাক 'সংগীজ্যোতি', কৃতি শিক্ষক মানিক চন্দ্ৰ তালুকদাৰক 'শিক্ষ্যাজ্যোতি', বিশিষ্ট শিল্পী কুলধৰ তালুকদাৰক 'শিল্পজ্যোতি', হৰবল্লভ বৰুৱাক 'শৰৎ নাট্য প্ৰভা' আৰু বিশিষ্ট চিকিৎসক ডাঃ কুলেন কাকতিক 'সমাজ হিতৈষী' উপাধি প্ৰদান কৰা হয়। এই উপাধি প্ৰদান কৰাৰ সময়ত তেওঁলোকক একোটাকৈ স্মাৰক, জাপি গামোচা, চেলেং আৰু মানপত্ৰও প্ৰদান কৰা হয়।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বজালীৰ সমাজ জীৱনলৈ অনবদ্য অৰিহণা যোগাই অহা এনে বহু বিশিষ্ট ব্যক্তিক উপাধি তথা বঁটা প্ৰদান কৰি নিজৰ এক স্বকীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বামাখাটা ব'হাগী উৎসৱ উদযাপন সমিতিয়ে। ব'হাগী উৎসৱ উদযাপনৰ মূল সমিতিৰ সভাপতি মিহিৰ তালুকদাৰ আৰু উদযাপন সমিতিৰ সভাপতি পুলিন তালুকদাৰে অতি সুন্দৰকৈ অনুষ্ঠানটো আঁত ধৰি বটাপ্ৰাপক সকলক অনুভব ব্যক্ত কৰিব দিয়াৰ পৰিবৰ্তে নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ দিয়া হয়।
অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ডাঃ কনক দাস আৰু বিশিষ্ট অতিথি হিচাপে প্ৰতিভা চৌধুৰীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিজেপিৰ যুৱ নেতা ৰাজীৱ শৰ্মাও উপস্থিত থাকে।সন্ধিয়া অভিশ্ৰুতি বেজবৰুৱাৰ সংগীতানুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰে অনুষ্ঠানৰ বাকৰি।
Also Read: লামডিং আৰক্ষী থানাত টকা দিলেই পঞ্জীয়ন নহয় গোচৰঃ মহিলা ASI ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...