ঢকুৱাখনাত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

ঢকুৱাখনাত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

ঢকুৱাখনাত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগটো ৭৮২ নং গৰৈমাৰী মদাৰগুৰি প্ৰাথমিক বিদ্যালয়ত মঙ্গলবাৰে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ ৩৮৪ গৰাকী ব্যক্তিৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা, শিশু তথা মাতৃৰ টিকাকৰণ, কোভিড ১৯ৰ টীকাকৰণ সম্পন্ন হয় এই শিবিৰত।

Advertisment

ইয়াৰ উপৰিও আয়ুষ্মান ভাৰত হেলথ একাউণ্টৰ অন্তৰ্গত আভা, বিনামূলীয়া ঔষধ, তেজ পৰীক্ষা, অসংক্ৰমিত ৰোগ, মধুমেহ,উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ আদিৰো পৰীক্ষা কৰা হয়।

ইয়াৰ লগতে মেডিচিন, কান, নাক, ডিঙি, চকু, দাঁত, স্ত্ৰীৰোগ, শিশুক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ লগতে কুষ্ঠ ৰোগ, যক্ষ্মা, মানসিক স্বাস্থ্য, বীজাণুনাশক ৰোগ আৰু চৰকাৰৰ বিভিন্ন সজাগতামূলক আঁচনি সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয় ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই উদ্বোধন কৰা এই বিশেষ চিকিৎসা শিবিৰত স্বাস্থ্য বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল, খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , চিকিৎসক ডাঃ পাপু বড়ি ,ডাঃ লীনা পেগু , ডাঃ ৰাজলক্ষ্মী বৰগোঁহাই , ডাঃ জয়দীপ দাস , ডাঃ শিবাশীষ পল, ডাঃ তাৰা প্ৰসাদ মিলি,স্বাস্থ্য কৰ্মী ৰাজু চুতীয়া, মনালিছা বৰাকে ধৰি গৰিষ্ঠ সংখ্যক স্বাস্থ্য কৰ্মী শিবিৰত উপস্থিত থাকি স্বাস্থ্য সেৱা আগবঢ়াই ।

Also Read: শ্ৰদ্ধাঞ্জলি কাননত স্বাধীনতা সংগ্ৰামী, বীৰ জোৱানলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি...

ঢকুৱাখনা স্বাস্থ্য স্বাস্থ্য পৰীক্ষা শিবিৰ