/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dc937999-ba8c-4937-8255-0cae4c15fb62/hbs.jpg)
শ্ৰদ্ধাঞ্জলি কাননত স্বাধীনতা সংগ্ৰামী, বীৰ জোৱানলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি...
ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱস উপলক্ষে পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল মহানগৰীৰ মাজমজিয়াৰ শ্ৰদ্ধাঞ্জলি কাননত। তেওঁ দেশৰ মহান স্বাধীনতা সংগ্ৰামী, বীৰ জোৱান সকললৈ জনালে শ্ৰদ্ধাঞ্জলি।
শ্ৰদ্ধাঞ্জলি কাননত থকা স্মৃতি সৌধত স্মৃতি তৰ্পন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ স্মৃতি সৌধত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কেইবাজনো সতীৰ্থই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মা উপস্থিত হৈছেগৈ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত।
ইয়াতেই অনুষ্ঠিত হ'ব কেন্দ্ৰীয় ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। উল্লেখ্য যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। পূৰ্বতে ৰাজ্যপালে উত্তোলন কৰি আহিছিল গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পতাকা।
Sacrifices made by our martyrs, freedom fighters and soldiers played an immense role in shaping the destiny of our country.
Paid my homage to the brave countrymen on the occasion of #RepublicDay at Shraddhanjali Kanan, Guwahati. pic.twitter.com/RXtcXapQYd— Himanta Biswa Sarma (@himantabiswa) January 26, 2023
Also Read: বতৰৰ বতৰাঃ আহিব পাৰে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ...