হাৰমতীত ভয়ংকৰ অগ্নিকাণ্ড

হাৰমতীত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
হাৰমতীত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ ডুবিবস্তিত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়ানক অগ্নিকাণ্ডত এটা পৰিয়াল ঘৰ সম্পত্তি সম্পুৰ্ণ ৰূপে জুইত জাহ যায়।

Advertisment

প্ৰাপ্ত তথ্যমতে আজি বিয়লি ডুবি বস্তিৰ তপন গোস্বামী আৰু তেওঁৰ পত্নীয়ে স্থানীয় গাঁৱৰ এঘৰ মানুহৰ ঘৰত ফুৰিবলৈ যায়। সেই সময়ত ঘৰত পৰিয়ালটোৰ দুই সন্তানক থৈ গৈছিল। সন্ধিয়ালৈকে পিতৃ-মাতৃয়ে ফুৰি আহি ঘৰ পোৱাই নাছিল। হঠাৎ ঘৰত অগ্নি সংযোগ ঘটাত দুই সন্তানে চিঞৰ-বাখৰ লগাই ঘৰৰ বাহিৰলৈ ওলাই আহে।

জুইৰ লেলিহান ইমানেই বেছি হৈ আহে যে স্থানীয় লোকসকলে দৌৰা দৌৰিকৈ জুই নুমাবলৈ ওলাই অহাৰ সময়তে ঘৰৰ ভিতৰৰ এটা চিলিণ্ডাৰ বিস্ফোৰিত হৈ সম্পুৰ্ণ ঘৰটো জুয়ে বেৰি ধৰে। ঘৰৰ ভিতৰত থকা এটাও বস্তু ওলিয়াব নোৱাৰিলে। এই অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱা বুলি জানিব পৰা গৈছে।

বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ীয়ে প্ৰায় এঘন্টা মানৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে অগ্নিকাণ্ড সূত্ৰপাতৰ কাৰণ এই পৰ্যন্ত গম পোৱা নাযায়।

Also Read: বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ

harmati