/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6c572a4b-e33e-4892-a67c-226049750a75/3.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : এগৰাকী নিৰ্বোধ-নিঃসহায় কিশোৰীক জীয়া যন্ত্ৰণা ভোগাই হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢকুৱাখনা মহকুমা। সোণাৰী চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁৱৰ ১৮ বছৰীয়া কিশোৰী দেৱলীনা সোণোৱালক ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি গাঁৱৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ এই জঘন্য কাণ্ডই বুধবাৰে জটিল ৰূপ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/34becbe2-739e-490c-a1a3-76dd223aa2cd/3e21b893-1e58-4e42-96b2-491f98ff704b.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বুধবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল । বুধবাৰে বিয়লি কেঁকুৰী সোনাৰী চাপৰি অঞ্চলৰ মহিলা সমাজে পত্নীহন্তা স্বামী পৱন বৰুৱাক ফাঁচীৰ দাবী জনায়। লগতে সোণাৰী চাপৰি আৰক্ষী চকী ঘেৰাও কৰাৰ সময়তে দেৱলীনাৰ মৃতদেহ আত্মীয়সকলে ঢকুৱাখনালৈ লৈ আনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0aa0ff1e-1020-46ff-b323-973dec2a1f72/7ce5d589-4a43-4677-b268-42171a227f0a.jpg)
স্বামীৰ আত্মীয়ই দেৱলীনাৰ মৃতদেহ ৰাজহুৱা শ্মশানত সৎকাৰ কৰি থকাৰ সময়তে দেৱলীনাৰ আত্মীয়, ঢকুৱাখনা মহকুমা মহিলা সমিতি ,সোনাৰী চাপৰি , কেঁকুৰী গাঁৱৰ শতাধিক মহিলা ঐক্যবদ্ধ হৈ উপস্থিত হয় স্বামীৰ নাৰায়ণপুৰ চাপৰি গাঁৱৰ ঘৰত । মৃতকৰ আত্মীয়ৰ অজ্ঞাতে আৰু অনুপস্থিতিত গোপনে কিশোৰীগৰাকীৰ মৃতদেহ সৎকাৰ কৰাকলৈ ক্ষুব্ধ হয় দেৱলীনাৰ আত্মীয় আৰু মহিলা সমাজ ।
ক্ষুব্ধ মহিলাসকলে তৎকালে দেৱলীনাৰ মৃতদেহ স্বামীৰ গৃহলৈ অনাৰ দাবী জনাই পৰিয়ালক । ক্ষুব্ধ আৰু উত্তেজিত মহিলাসকলৰ দাবীত সেও মানি দেৱলীনাৰ অৰ্ধদগ্ধ মৃতদেহ শ্মশানৰ চিতাৰ জুইৰ পৰা নমাই গাড়ীত উঠাই পুনৰ স্বামী গৃহলৈ অনা হয় ।
পাছত শোকত ম্ৰিয়মান দেৱলীনাৰ পৰিয়াল আৰু মহিলা সমাজৰ হেঁচাত হত্যাকাৰী স্বামীৰ ঘৰৰ চোতালতে দেৱলীনাৰ অন্তিম সৎকাৰ কৰা হয় । স্বামী পৱন বৰুৱাৰ পিতৃ আৰু আত্মীয়ই এই বিষয়ক লৈ প্ৰতিবাদ কৰাৰ লগতে অপ-পক্ষলৈ শিলাবৰ্ষণ আৰু আক্ৰমণৰ বাবে উদ্যত হোৱাত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয় ।
একাংশ উত্তেজিত মহিলাই স্বামীৰ ঘৰত সামান্য উপদ্ৰৱ চলোৱাৰ কথা জানিব পৰা গৈছে । ইফালে নিজ কন্যাক অকালতে হেৰুৱাই কান্দোনত ভাগি পৰে দেৱলীনাৰ মাতৃৰ লগতে আত্মীয় স্বজন।
এনেতে ঢকুৱাখনা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ সুদৰ্শন শইকীয়া আৰু ৰাহুল প্ৰসেনজিৎ গগৈ, ঢকুৱাখনা সদৰ থানা আৰু সোনাৰী চাপৰি আৰক্ষী চকী ,অগ্নিনিৰ্বাপক বাহিনীৰ বৃহৎ দলৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। ইয়াৰ পাছতে অভিযুক্ত পৱন বৰুৱাৰ ঘৰৰ চোতালতে মৃতদেহ দাহ কৰি মহিলাসকল উভতি যায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c4d71b8b-c328-43af-bef2-11367ab9d336/7ce5d589-4a43-4677-b268-42171a227f0a.jpg)
স্মৰ্তব্য যে হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত স্বামী পৱন বৰুৱাক ঢকুৱাখনা সদৰ থানাত পঞ্জীভুক্ত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি বুধবাৰে আদালতত হাজিৰ কৰা হৈছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তদন্তৰ বাবে নিজা জিম্মাত লৈছে স্বামী পৱন বৰুৱাক।
Also Read: নসত্ৰ মুকলি গাঁও পুৰণি নামঘৰৰ নৱনিৰ্মিত বাটচ'ৰাৰ দ্বাৰ মুকলি