ঢকুৱাখনাত অৰ্ধ শতাধিক পক্ষীৰ অকাল মৃত্যু

ঢকুৱাখনাত অৰ্ধ শতাধিক পক্ষীৰ অকাল মৃত্যু

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অৰ্ধ শতাধিক পক্ষীৰ অকাল মৃত্যু

ডিজিটেল সংবাদ, ঢকুৱাখনা : প্ৰকৃতিৰ ঈৰ্ষাই যেন ঢকুৱাখনাত মৰ্মান্তিকতাকো চেৰ পেলালে । বনৰীয়া পক্ষীৰ নিৰাপদ আশ্ৰয়থলী হিচাপে  যুগ যুগান্তৰ ধৰি বিবেচিত হৈ আহিছিল ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথৰ খজুৱা অঞ্চল।

Advertisment

এই অঞ্চলৰ মূল ৰাজ্যিক পথৰ দাঁতিত থিয় দি থকা কেইবাজোপা ওখ বৃক্ষৰ বুকুত আশ্ৰয় লৈছিল অগণন বগলী , শামুক ভঙা,পানী কাউৰী আদি থলুৱা প্ৰজাতিৰ চৰায়ে। বছৰ বছৰ ধৰি এইসমূহ ওখ বিৰিষত  নিৰাপদে নিৰ্বিঘ্নে  আশ্ৰয় লৈ বংশ বৃদ্ধি কৰি অহা ভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ নিৰাপদ আশ্ৰয়েই যেন বিপদ মাতিলে অৰ্ধশতাধিক নিৰ্বোধ কণ কণ সদ্যজাত পোৱালীলৈ ।

দেওবাৰে পুৱা আচম্বিতে শতাধিক চৰাইৰ আশ্ৰিত বৃহৎ গছ এজোপাৰ এটা প্ৰকাণ্ড ডাল ভাঙি প্ৰায় ৩০ ফুট তললৈ পৰি যায়। কোনো বাহ্যিকগত কাৰণ নোহোৱাকৈ হঠাৎ এনেদৰে গছৰ বৃহৎ ডাল ভাগি পৰাৰ পৰিণতিত প্ৰায় অৰ্ধ শতাধিক পৰিভ্ৰমী চৰাইৰ পোৱালীযে অকাল মৃত্যু ঘটে।

ইয়াৰোপৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰায় ১০ টাৰো অধিক প্ৰাপ্তবয়স্ক চৰাই।  আশংকা কৰা মতে চৰাইৰ ওজন সহিব নোৱাৰি গছজোপাৰ প্ৰকাণ্ড ডাল ভাগি পৰে।স্থানীয় সূত্ৰে এই নিৰ্মম ঘটনাৰ সন্দৰ্ভত অৱগত হৈ অগ্ৰণী প্ৰকৃতি সংগঠনৰ পু এন ফু ৱাইল্ডৰ এগৰাকী বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত পক্ষীকুলক উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত ঢকুৱাখনা বনবিভাগৰ বিষয়াক অৱগত কৰে । কিন্তু গুৰুতৰভাৱে আহত হৈ আৰ্ত চিৎকাৰ কৰি থকা  নিৰ্বোধ পক্ষীকুলৰ কাষত উপস্থিত হ'বলৈ সময় নহ'ল এজনো দায়িত্বশীল বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ।

বন বিভাগৰ এনে দায়িত্বহীন আচৰণ প্ৰত্যক্ষ কৰি সংগঠনটোৰ  সদস্যই আহত পক্ষীকুলৰ চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰে । ইপিনে ঘটনাৰ প্ৰায় ৫ ঘন্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ কৰ্মচাৰী । সম্প্ৰতি আঘাতপ্ৰাপ্ত চৰাইসমূহ  নিৰাপদ বুলি জনা গৈছে । ইপিনে মৃত চৰাইসমূহৰ সৎকাৰ কৰা বুলি জানিব পৰা গৈছে।

Also Read: কোকৰাঝাৰত নিযুত মইনা আচঁনিৰ চেক বিতৰণ অনুষ্ঠান

dhakuakhana