/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/8alrkwe0/669d5314-498b-430e-a68f-69ff59ccffba.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো দেওবাৰে নিযুত মইনা আচঁনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান সম্পন্ন হয়। কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/b4kxh70g/2f7384f8-00a6-479f-b33e-92b41003681e.jpg)
তেওঁ এই আঁচনিৰ অধীনত ৮০১ গৰাকী ছাত্ৰীক চেক প্ৰদান কৰে। ইয়াৰ পিছতে বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত আন এক অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী আৰু কোকৰাঝাৰ জিলা আয়ুক্ত মাচন্দা পাৰ্টিনৰ উপস্থিতিত ১,১৩৩ গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/2jq8j957/d085d0ff-0b93-45c5-bdfc-a6d2f1b30aac.jpg)
আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত আয়োজন কৰা অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, উপাচাৰ্য বি এল আহুজা, পঞ্জীয়ক ড০ এছ বসুমতাৰী, ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা দাস উপস্থিত থাকি নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/yohi6oy9/dc9cdba4-00c2-4183-b09f-63b99dc70bad.jpg)
চেক বিতৰণ কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰী পোনপটীয়াকৈ উপকৃত হ'ব। কোকৰাঝাৰ জিলাৰ মুঠ ৫ হাজাৰতকৈ অধিক ছাত্ৰী ইয়াৰ দ্বাৰা লাভান্বিত হ'ব।
এই আঁচনিখনে অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিবলৈ সমৰ্থ হ'ব আৰু পৰৱৰ্তী প্ৰজন্মৰ যুৱতীসকলক শক্তিশালী কৰিব বুলি মন্তব্য কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে ।
Also Read: মোজাম্মিলৰ ত্যাগ অথলে নগ'ল...