/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8b2ed087-500d-409d-bcd5-2032e1790ee8/2.jpg)
বটদ্ৰৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে IPL জুৱাৰী।
বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কোৱাইকটা সত্ৰ গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰীটোক।
ধৃত আই পি এল জুৱাৰীটোৰ নাম জিয়াৰুল ইছলাম বুলি জানিব পৰা গৈছে।
জিয়াৰুলৰ নেতৃত্বত বৃহত্তৰ অঞ্চলত শতাধিক এজেন্টে আই পি এল জুৱা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।
এই কুখ্যাত জুৱাৰীয়ে মবাইল এপৰ জৰিয়তে সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আই পি এল জুৱাৰ বৃহৎ ঘাটিৰ সৃষ্টি কৰিছিল।
আৰক্ষীয়ে জুৱাৰীটোৰ পৰা জুৱাত ব্যৱহৃত এটা মবাইল ফোন আৰু নগদ ধন জব্দ কৰে।
আৰক্ষীয়ে সম্প্ৰতি জুৱাৰীটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Also Read: বটদ্ৰৱাত পথ দুৰ্ঘটনাঃ আহত ককা-নাতিনী...