এল আই চিৰ" উপগ্ৰহ কাৰ্যালয়" মুকলি...

এল আই চিৰ" উপগ্ৰহ কাৰ্যালয়" মুকলি...

author-image
Asomiya Pratidin
New Update
এল আই চিৰ" উপগ্ৰহ কাৰ্যালয়" মুকলি...

এল আই চিৰ" উপগ্ৰহ কাৰ্যালয়" মুকলি...

ডিজিটেল সংবাদ ঢকুৱাখনা:  ভাৰতীয় জীৱন বীমা নিগমৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে  শুকুৰবাৰে পুৱা ঢকুৱাখনা নগৰত এটা "উপগ্ৰহ কাৰ্যালয়" (চেটেলাইট অফিচ) মুকলি কৰা হয় । ঢকুৱাখনা নগৰৰ ৬ নং ৱাৰ্ডৰ বালি গাঁওৰ ৰাজ্যিক ঘাই পথৰ দাঁতিত  অৱস্থিত এই কাৰ্যালয়টো মাংগলিক ৰীতি-নীতিৰে শুভ উদ্বোধন কৰা হয় ।

Advertisment

ভাৰতীয় জীৱন বীমা নিগমৰ গ্ৰাহকসকলৰ সকলো ধৰণৰ সেৱা সহজলভ্য আৰু সুলভ কৰাৰ মানসেৰে স্থাপিত এই কাৰ্যালয়টো শুভ উদ্বোধন কৰে ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ "বিপনন প্ৰবন্ধক" (মাৰ্কেটিং মেনেজাৰ) পাৰ্থ সাৰথি আইছে । 

এই সন্দৰ্ভত অনুষ্ঠিত উদ্বোধনী সভাত যোৰহাট "বিক্ৰয় বিভাগ"ৰ প্ৰবন্ধক বিশ্বজিত শইকীয়া , ধেমাজি শাখাৰ শাখা প্ৰবন্ধক নৱজ্যোতি পেগু , ঢকুৱাখনা "উপগ্ৰহ শাখা"ৰ শাখা  প্ৰৱন্ধক শুকেশ্বৰ পেগু ,  চি এম ক্লাব মেম্বাৰ আৰু নিগমৰ নিৰবিছিন্ন ভাবে এটা দশক ধৰি "এম ডি আৰ টি- আমেৰিকা"ৰ সদস্য হেমচন্দ্ৰ হাজৰিকা, জীৱন বীমা নিগমৰ যোৰহাট মাণ্ডলিকৰ গৰিষ্ঠ সংখ্যক বিষয়া, স্থানীয় বহু সংখ্যক এজেন্ট আৰু  গ্ৰাহক সমাজ উপস্থিত থকা উদ্বোধনী সভাত উদ্বোধক আইছ , ঢকুৱাখনা পৌৰ সভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ স্বৰূপ কোঁৱৰ, গ্ৰাহক পবিত্ৰ চুতীয়া আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ।

সভাত অভ্যাগতসকলক "লিয়াফী'"ৰ ধেমাজি শাখাৰ হৈ দীপাঞ্জল চাংমাই আৰু আলোক চমুৱাই ফুলাম গামোচাৰে উষ্ণ সম্বৰ্ধনা জনাই।

Also Read: হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...

ঢকুৱাখনা এল আই চি