হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...

হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...
হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...

ডিজিটেল সংবাদ লামডিংঃ লামডিং ৰে'লৱে জংচনত হঠাৎ লাগিল ভিৰ। সাধাৰণ ৰে'ল যাত্ৰীৰ ৰূপত দেখা গ'ল অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক। ডিমাহাচাও জিলাৰ হাফলংৰ পৰা গুৱাহাটী অভিমুখে কাঞ্চনজংঘা এক্সপ্ৰেছত আহিল মন্ত্ৰী পেগু।

লামডিং ৰে'লৱে জংচনত কিছু সময় উপস্থিত হৈ শিক্ষা বিভাগৰ ক্ষেত্ৰত শীঘ্ৰে অসমৰ শিক্ষানুষ্ঠালৈ ভাল খবৰ আহিব বুলিও মন্তব্য কৰিলে মন্ত্ৰী পেগুৱে। তেওঁ কয়, ৰাজ্যত ৪ হাজাৰ ৩০০ বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা হ'ব।

তেওঁ বাজেটত বহু কেইখন বিদ্যালয়ক অত্যাধুনিক সা-সুবিধাৰে উন্নতিকৰন কৰি নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ ইংগিত প্ৰদান কৰে ৷ চাহ বাগান অঞ্চলসমূহত আগন্তুক দিনত নতুনকৈ বিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰিলে মন্ত্ৰী পেগুৱে।

লগতে তেওঁ কয়, ব্যক্তিগত বিদ্যালয়ৰ দৰে অংকুৰ, মুকুল আৰু কাননৰ জৰিয়তে তিনি বছৰৰ পৰাই পাঠদান দিয়া হ'ব শিশুক ৷ অংগনাবাড়ী কেন্দ্ৰসমূহত এইবছৰৰ পৰাই পাঠদান আৰম্ভ হ'ব।

২০১৭ চনৰ শিক্ষাখণ্ডৰ আইন অনুসৰি অসমৰ সকলো বিদ্যালয়কে প্ৰেদেশীকৰন কৰা হৈছে। সেয়হে আগন্তুক দিনত আৰু বিদ্যালয়ক প্ৰাদেশীকৰন কৰাৰ কোনো পৰিকল্পনা নাই বুলিও তেওঁ জানিবলৈ দিয়ে ৷ নগৰ অঞ্চলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গ্ৰামাঞ্চললৈ যাব নিবিচাৰে বুলি মন্তব্য কৰি তেওঁ এয়া শিক্ষা বিভাগৰ বাবে এক সমস্যা বুলিও দোহাৰে। অৱশ্যে এই সমস্যাৰ শীঘ্ৰেই সমাধান কৰা হ'ব বুলিও উল্লেখ কৰে।

তেওঁ বিদ্যালয়সমূহত নিৰ্দিষ্ট সময়ত শিক্ষা দান কৰাৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে কি কৰে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা যদিও বিদ্যাল়য়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব বুলিও মন্তব্য কৰে। আনহাতে বহু চৰ্চিত গুৱাহাটীৰ বন্দনা কলিতাৰ হত্যা কাণ্ড, ড্ৰাগছ সৰবৰাহ আদিৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ, বন্দনা কলিতাই স্বামী আৰু শাহুৰেকক হত্যা কৰা ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি পূৰ্বতকৈ ৰাজ্যত ড্ৰাগছৰ ঘটনা কমিছে বুলি মন্তব্য কৰে ৷ সমাজত সুস্থ আৰু ভাল বাতাবৰনে যুৱপ্ৰজন্মক সজাগ কৰি ৰাখিব পাৰিব ৷

নিৰাশাত ভোগাৰ বাবেই বহু যুৱপ্ৰজন্মক ড্ৰাগছৰ গৰাহলৈ সোমাই পৰে ৷ সেয়হে সদায় পজিটিভ বাতাবৰন লৈ চলিলে সমাজ এখন ভাল হৈ থাকিব বুলিও তেওঁ কয়। ডাঃ পেগুৱে পূৰ্বতেও ৰে'ল যাত্ৰা কৰাৰ কথা উল্লেখ কৰি ৰে'ল যাত্ৰা কৰি তেওঁ ভাল পায় বুলিও মন্তব্য কৰে।

ইফালে পৰীক্ষা চলি থকা সময়তে শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰী জনে শুভেচ্ছা বাৰ্তা প্ৰেৰন কৰি কয় যে, শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ছোৱাত কোনো ধৰণৰ মানসিক চিন্তা লোৱাৰ প্ৰয়োজন নাই।

হাঠৎ লাগিল হুৱাদুৱাঃ লামডিং ৰে'লৱে জংচনত এজন বিশেষ নেতা...
কোনে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰীৰ? দল আৰু অপৰাধমূলক ঘটনা সন্দৰ্ভত নকৰে মন্তব্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in