/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/040c06fd-5612-4270-aa6e-0cd44647b5c6/gp_singh_4.jpg)
সুনীল হত্যাকাৰীক ফাঁচীৰ বিকল্প শাস্তি নামানো- মহিলা সমিতি
ডিজিটেল সংবাদ ঢকুৱাখনা: অতি লোমহৰ্ষক, শিহৰণকাৰী, নৃশংসতাৰ সীমা চেৰাই যোৱা ঢকুৱাখনা মহকুমাৰ সুনীল গগৈ হত্যাকাণ্ড। অতি বৰ্বৰ আৰু দানৱীয়ভাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ সৎ সাহসী আৰু অমায়িক ঠিকাদাৰ শোণিত গগৈৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ কৰি দোষী হত্যাকাৰীক চিনাক্ত কৰণেৰে অতি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ঢকুৱাখনা মহকুমা মহিলা সমিতিয়ে।
মহকুমা মহিলা সমিতিৰ সভানেত্ৰী মঞ্জু গগৈৰ নেতৃত্বত এটা মহিলাৰ দলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিংক মঙলবাৰে সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সঞ্চালক প্ৰধান গৰাকীৰ ঢকুৱাখনা ভ্ৰমণৰ সময়ত সাক্ষাৎ কৰি মহিলা সমিতিয়ে এনে জটিল আৰু বৰ্বৰ মানসিকতাৰ হত্যাকাণ্ডত জড়িত হত্যাকাৰীক ফাঁচীৰ বিকল্প শাস্তি মানি লোৱা নহ'ব বুলি স্পষ্টভাবে জনাই ঘটনাৰ দুদিন অতিক্ৰম কৰাৰ পাছতো কোনো ক্লু উলিয়াব নোৱাৰাত ক্ষোভ, অসন্তুষ্টি প্ৰকাশ কৰে।
অন্যহাতে ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনেও এই বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দি হত্যাকাৰীক তাৎক্ষণিকভাৱে চিনাক্ত কৰিবলৈ সকলো বিজ্ঞানসন্মত শক্তি প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। সন্মিলনৰ ঢকুৱাখনা শাখাই সুনীল গগৈ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী জনায় এই তদন্ত প্ৰক্ৰিয়া তীব্রতৰ কৰাৰ বাবে অসম আৰক্ষীক আহ্বান জনায় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।