ঢকুৱাখনালৈ অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিং

ঢকুৱাখনালৈ অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিং

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বুধবাৰে উপস্থিত হ'ব ঢকুৱাখনাত। ঢকুৱাখনা সদৰ থানাৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধনৰ বাবে অসম আৰক্ষীৰ মুৰব্বীগৰাকী ঢকুৱাখনাত উপস্থিত হ'ব। দুপৰীয়া প্ৰায় ১২ বজাত সঞ্চালক প্ৰধান সিঙে "মৈত্ৰী" আঁচনিৰ আধাৰত নিৰ্মাণ কৰা সুদৃশ্যমান পৰিকল্পিত থানা ভৱনৰ শুভ উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰিব।

এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে থানা পৰিয়ালৰ সহযোগত আয়োজন কৰিছে এক উদ্বোধনী অনুষ্ঠান। উল্লেখযোগ্য যে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগতে এই উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে প্ৰমুখ্য কৰি বহু কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সম্প্ৰতি আৰক্ষীৰ শীৰ্ষ বিষয়া সিং লখিমপুৰত উপস্থিত হৈছে।

ঢকুৱাখনালৈ অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিং
সংবাদমেল পাতি স্পষ্টিকৰণ ফ্ৰাইলিন আৰ মাৰাকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in