সংবাদমেল পাতি স্পষ্টিকৰণ ফ্ৰাইলিন আৰ মাৰাকৰ

জি এন চিৰ সভাপতি আৰবিটচন জি মোমিনে ৰাভা হাছং পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য হ'ব নপোৱাৰ বাবে গাৰো গাঁও কৰ্তন কৰাৰ দাবী জনাইছেঃ ফ্ৰাইলিন আৰ মাৰাক
সংবাদমেল পাতি স্পষ্টিকৰণ ফ্ৰাইলিন আৰ মাৰাকৰ

ডিজিটেল সংবাদ, দুধনৈঃ "গাৰো নেচ'নেল কাউন্সিল, অসম জ'নৰ সভাপতি আৰবিটচন জি মোমিনে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য হ'ব নপোৱাৰ বাবে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত গাৰো গাঁওসমূহ কৰ্তনৰ বাবে দাবী জনাইছে।"- এই অভিযোগ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাকৰ। তেওঁ ২০০৫ চনৰ আগত গাৰো গাঁওসমূহ ৰাভা হাছং পৰিষদত অন্তৰ্ভুক্ত নাছিল। ২০০৫ চনত গাৰো, বড়ো আৰু হাজং কো-অৰ্ডিনেচন কমিটিয়ে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত বড়ো আৰু হাজং জনগোষ্ঠীৰ গাঁওসমূহৰ লগতে গাৰো গাঁওসমূহ অন্তৰ্ভুক্ত কৰিবৰ বাবে দিল্লীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। য'ত গাৰো জনগোষ্ঠীৰ হৈ আৰবিটচন জি মোমিনে নেতৃত্বত দিছিল বুলি উল্লেখ কৰে।

সেই আন্দোলনৰ ফলশ্ৰুতিতে বড়ো আৰু হাজং গাঁৱৰ লগতে গাৰো গাঁওসমূহ ৰাভা হাছং পৰিষদত অন্তৰ্ভুক্ত হৈছিল। তাৰ পিছতে ২০১১ চনত আৰবিটচন জি মোমিনে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ৱতী পৰিষদখনত উপ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ বাবে তেতিয়াৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ৰাজীৱ লোচন পেগুক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু তেওঁৰ আশা পূৰণ নহ'ল । সেয়ে নিজৰ স্বাৰ্থ পূৰণ নহোৱাৰ বাবে পুণৰবাৰ গাৰো গাঁওসমূহ ৰাভা হাছং পৰিষদৰ পৰা কৰ্তন কৰিবৰ বাবে দাবী উথ্বাপন কৰিছে বুলি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় কক্ষত আয়োজিত সংবাদমেলত কয় পৰিষদৰ সদস্য ফ্ৰাইলিন আৰ মাৰাকে।

তেওঁ সংবাদমেলৰ জৰিয়তে আৰবিটচন জি মোমিনক আহ্বান জনাই যে আগন্তুক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গৰিষ্ঠসংখ্যক সদস্যৰে নিৰ্বাচিত হৈ আহক আৰু পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য নহয় মুখ্য কাৰ্যবাহী সদস্য হিচাপে ক্ষমতাত অধিষ্ঠিত হওঁক আৰু গাৰো জাতিৰ উন্নয়ন কৰক। তাকে নকৰি গাৰো জাতিটোক লৈ খেল-খেলি থাকিব নালাগে। গণতান্ত্ৰিক দেশত সকলোৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিকাৰ আছে। তেওঁৰো অধিকাৰ আছে আমাৰো অধিকাৰ আছে বুলি উল্লেখ কৰে।

ইপিনে ১অক্টোবৰত দুধনৈ সমীপৱৰ্তী লোৱাৰ চিলুকত গাৰো নেচ'নেল কাউন্সিলৰ লগতে ৬টা গাৰো জাতীয় সংগঠনৰ এখন ৰাজহুৱা সভাত গাৰো মহিলা পৰিষদৰ সভানেত্ৰীয়ে- ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত কাৰ্যনিৰ্বাহ কৰি থকা ৩গৰাকী গাৰো সদস্যক উন্নয়নৰ ধন আত্মসাৎ কৰাৰ যি অভিযোগ উত্থাপন কৰিছে সেয়া মিছা আৰু ভিত্তিহীন বুলি কয়। যদি আমি ধন আত্মসাৎ কৰিছো তেনেহ'লে আমাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক, তাৰ বাবে আমি সাজু আছো বুলি উল্লেখ কৰে কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাকে। সংবাদমেলত ফ্ৰাইলিন আৰ মাৰাকৰ সহযোগ দিয়ে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য দেবান মোমিন আৰু দ্বীপান্বিতা মাৰাক ।

সংবাদমেল পাতি স্পষ্টিকৰণ ফ্ৰাইলিন আৰ মাৰাকৰ
মৰিয়নিত মহিলাৰ সুৰক্ষা, শিশু আৰু সৱলীকৰণৰ সজাগতা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in