ৰঙালীতে কঙালী হ’ল ঢকুৱাখনাৰ ৮৪ জন গাঁও প্ৰধান...

ৰঙালীতে কঙালী হ’ল ঢকুৱাখনাৰ ৮৪ জন গাঁও প্ৰধান...

ৰংৰ উৎসৱ ৰঙালী । চৌদিশে বহাগীক আদৰাৰ সীমাহীন প্ৰস্তুতিয়ে ৰাজ্যখনৰ আকাশ বতাহ আন্দোলিত কৰি ৰখাৰ সময়তে ঢকুৱাখনা মহকুমাৰ অৰ্ধশতাধিক গাঁও প্ৰধানলৈ নামি আহিছে চৰম দুৰ্দশা আৰু হতাশজনক বতৰা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰংৰ উৎসৱ ৰঙালী । চৌদিশে বহাগীক আদৰাৰ সীমাহীন প্ৰস্তুতিয়ে ৰাজ্যখনৰ আকাশ বতাহ আন্দোলিত কৰি ৰখাৰ সময়তে ঢকুৱাখনা মহকুমাৰ অৰ্ধশতাধিক গাঁও প্ৰধানলৈ নামি আহিছে চৰম দুৰ্দশা আৰু হতাশজনক বতৰা । 

ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰী সকলৰ দৰেই  প্ৰশাসনৰ অন্যতম প্ৰধান চালিকা শক্তি স্বৰূপ ঢকুৱাখনা মহকুমাৰ ৮৪ গৰাকী গাঁও প্ৰধানে আশা কৰিছিল ৰঙালী বিহুৰ প্ৰাকক্ষণত চৰকাৰে মাহেকীয়া পৰিতোষিক প্ৰদান কৰি পৰিয়াল সমূহৰ অভাৱ সমস্যাৰ দূৰ কৰি ৰঙালী বিহুটো স্বচ্ছন্দতাৰে উপভোগ কৰিবলৈ দিব।

পিছে ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ মুঠ ৮৪ গৰাকী গাঁও প্ৰধানৰ সেই আশাত চেঁচাপানী পৰিল । গাঁওপ্ৰধান সকলৰ নিঃস্ব পৰিয়ালৰ সঞ্চিত আশা আকাংক্ষা ধূলিস্যাত কৰি অৱশেষত গাঁও প্ৰধান সকলৰ প্ৰাপ্য মাহিলি পাৰিতোষিক লাভৰ পথ ৰুদ্ধ হল । অৰ্থাৎ ঢকুৱাখনা ৰাজহ চক্ৰৰ ৫৩ গৰাকী আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ ৩১ গৰাকী গাঁওপ্ৰধানে ৰঙালী বিহুৰ প্ৰাকক্ষণত প্ৰাপ্য মাননি  লাভ কৰাৰ সৌভাগ্য নহল ।

চৰকাৰীভাবে মাহিলি ৯ হাজাৰ টকাকৈ প্ৰদান কৰি অহা এই মাননিৰ পৰা বঞ্চিত হৈ কষ্টসহিষ্ণু গাঁওপ্ৰধান সকলৰ পৰিয়ালত এতিয়া  হাহাকাৰ লাগিছে । পৰিয়াসমূহৰ ৰঙালীতে কঙালী হোৱাৰ বেদনাসিক্ত অৱস্থাৰ বাবে কপালকে ধীয়াই মন মেলিছে অভাবী অৱস্থাৰেই বহাগীক  উদাপনৰ বাবে। ইপিনে সংগৃহীত তথ্য অনুসৰি বিত্ত বিভাগৰ পৰা এই সকল গাঁও প্ৰধানৰ বাবে পৰিতোষিক মোকোলাই দিয়াৰ কোনো সুস্পষ্ট নিৰ্দেশনা বৃহস্পতিবাৰে ঢকুৱাখনা কোষাগাৰৰ কৰ্মসময়ৰ ভিতৰত নহাত এনে গাঁও প্ৰধানসকল মৰ্মাহত হৈ পৰে । 

তাৰোপৰি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি  তথা "ড্ৰয়িং এণ্ড দিচবাৰ্চসিং অফিছাৰ"(ডি ডি অ) অৰিন্দম বৰুৱা কৰ্মথলীত থকা হলেও এই দুৰৱস্থা দূৰ হোৱাৰ থল আছিল । কিন্তু এই গৰাকী শীর্ষ প্ৰশাসনিক বিষয়াও চৰকাৰী কৰ্তব্য সূত্ৰে বৰ্তমানে গুৱাহাটীত থকাত এই  অনাহুত  আৰু অব্যক্ত পৰিস্থিতিৰ উদ্ভৱ হয় ।

বিভাগীয় সূত্ৰে জনোৱা মতে এনে কিছু কাৰিকৰী বিসংগতিৰ বাবেই চৰকাৰী কৰ্মীসকলৰ বাবে ৰঙালীৰ পূৰ্বে মাননি লাভ কৰাটো সম্ভৱ হৈ নুঠিল । অৱশ্যে সোমবাৰে এইসকল গাঁও প্ৰধানৰ মাহিলি মাননি পোৱাৰ আশা কৰা গৈছে যদিও এনে ঘটনাই গাঁও প্ৰধান সকলৰ পৰিয়ালৰ ৰঙালীৰ উচাহ যে বহু পৰিমানে ম্লান কৰিলে সেয়া সহজেই অনুমেয়  ।

ৰঙালীতে কঙালী হ’ল ঢকুৱাখনাৰ ৮৪ জন গাঁও প্ৰধান...
বিহুৰ প্ৰাকক্ষণত "গড়গাঁৱত নাই ৰাজৰাণী" শীৰ্ষক গীতৰ মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in