আদৰ্শ বিদ্যালয় শিক্ষকৰ আদর্শহীন কাণ্ডই জোকাৰিছে ঘিলামৰা...

আদৰ্শ বিদ্যালয় শিক্ষকৰ আদর্শহীন কাণ্ডই জোকাৰিছে ঘিলামৰা...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক। নাম বিক্ৰম বিকাশ বৰুৱা । ঘৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰা চৌখাম ঘাট গাঁওত। শিক্ষকতাৰ দৰে পৱিত্ৰ আৰু সন্মানীয় বৃত্তিত জড়িত এইগৰাকী বিবাহিত সহকাৰী শিক্ষকে শুক্ৰবাৰে মাজ নিশা সংঘটিত কৰে এক নিৰ্লজ কাণ্ড।

যি কাণ্ডই সমগ্ৰ শৈক্ষিক মহলকে জনদৃষ্টিত লজ্জানত কৰাই নহয় শিক্ষকজন শত সহস্ৰজনৰ ঘৃণাৰ পাত্ৰ হ'ব লগা হৈছে। ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘাৰমৰা বিজয়পুৰ গাঁও। গাঁৱখনৰ এগৰাকী মহিলাৰ সতে গোপন অভিসাৰত মত্ত থকাৰ অভিযোগত ৰাজহুৱা দণ্ডৰে দণ্ডিত হ'ব লগীয়া হ'ল এইজন শিক্ষকৰ নামত কলংক ব্যক্তিয়ে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী ৰাইজে জনোৱা মতে, স্বামী বৰ্হি ৰাজ্যত কৰ্মৰত হৈ থকাৰ বিপৰীতে ঘাৰমৰা বিজয়পুৰ গাঁৱৰ মহিলা চিত্ৰলেখা গোস্বামীয়ে ঘাৰমৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাবে নিযুক্ত আছিল।

মহিলাৰ সতে পূৰ্বে এইখন বিদ্যালয়তে সহকাৰী শিক্ষক হিচাবে সেৱা আগবঢ়াই যোৱা বিক্ৰম বিকাশ বৰুৱাৰ আছিল গোপন প্ৰেমৰ সম্পৰ্ক। পৰৱৰ্তী সময়ত শিক্ষকজনক শিক্ষা বিভাগে মধুপুৰ বাগান আদৰ্শ  উচ্চ মাধ্যমিক বিদ্যালয়লৈ বদলি কৰিছিল। কিন্তু পূৰ্বৰ প্ৰেমাস্পদৰ সতে থকা হৃদয়ৰ গোপন সম্পৰ্ক বদলি হোৱা নাছিল বিক্ৰম বিকাশ বৰুৱাৰ। সেয়ে নিজৰ এ এছ ২২-ই-৭৪৩৪ নম্বৰৰ বুলেট লৈ শুক্ৰবাৰে মাজনিশা আহি সোঁশৰীৰে উপস্থিত হৈছিল চিত্ৰলেখাৰ ঘাৰমৰা বিজয়পুৰ গাঁৱৰ বাসগৃহত। নিশা দুপৰলৈকে মহিলা গৰাকীৰ সতে গোপনে অতিবাহিত কৰা লম্পট শিক্ষকজনৰ উপস্থিতিত অতিষ্ঠ বয়স্ক শাহু টুলুমনি গোস্বামীয়ে ইয়াৰ মৌখিক প্ৰতিবাদ কৰি শীঘ্ৰে ওলাই যাবলৈ কয়।

আচম্বিতে শাহুৱেকৰ উপস্থিতি আৰু গালি গালাজত নিজৰ লম্পট চৰিত্ৰ ফাদিল হোৱাৰ ভয়ত প্ৰমাণ নোহোৱা কৰিবলৈ বয়স্ক মহিলা গৰাকীৰ মূৰত প্ৰচণ্ড ভাৱে প্ৰহাৰ কৰি প্ৰথমে বিচনা তলত সোমাই আৰু পাছত দৌৰি পলাবলৈ চেষ্টা কৰে চৰিত্ৰহীন শিক্ষক বৰুৱায়ে। পৰৱৰ্তী সময়ত হুলস্থূল হোৱাত স্থানীয় ৰাইজে খেদি খেদি বিক্ৰম বিকাশ বৰুৱাক ধৰি পুনৰ উক্ত ঘৰলৈ আনি বান্ধি নীচ কাণ্ডত জড়িত হোৱা আৰু বৰ্ষীযান মহিলা গৰাকীক প্ৰাণনাশী আক্ৰমণ কৰাৰ বাবে ককৰ্থনা কৰে ।

অন্ধকাৰৰ সুযোগ লৈ একাংশ ক্ষুব্ধ ৰাইজে গাঁৱখনলৈ মাজনিশা আহি সুস্থ সামাজিক পৰিৱেশ বিঘ্নিত কৰা আৰু অসৎ কাৰ্যত লিপ্ত হোৱাৰ বাবে শিক্ষকজনৰ চুলি কাটি উত্তম মাধ্যম সোধাই। পাছত পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰি ঘিলামৰা আৰক্ষী থানাত অৱগত কৰাত প্ৰায় পুৱতি নিশা আৰক্ষী গৈ শিক্ষক বিক্ৰম বিকাশ বৰুৱাক উদ্ধাৰ কৰি থানালৈ আনে ।

তদুপৰি শিক্ষকজনৰ প্ৰহাৰত আঘাট প্ৰাপ্ত হোৱা মহিলা গৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। জানিব পৰা মতে, শিক্ষকজনৰ বুলেটখন গাঁওৰক্ষী বাহিনীৰ জিম্মাত আছে । ইপিনে শনিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ঘিলামৰা থানাৰ উপ পৰিদর্শক ত্ৰিনয়ন দলেয়ে ।

আদৰ্শ বিদ্যালয় শিক্ষকৰ আদর্শহীন কাণ্ডই জোকাৰিছে ঘিলামৰা...
বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in