/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/12ecfe2a-0ecf-4c99-8a9e-9d9c4361f6a3/Ghilamora_Nijor_din.jpg)
ঘিলামৰা শাখা সাহিত্য সভাৰ 'নিজৰ দিন' উদযাপন...
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ অন্যতম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই পহিলা বহাগৰ দিনটো "নিজৰ দিন" হিচাপে পালন কৰি আহিছে । সেই উপলক্ষে শনিবাৰে ঘিলামৰা শাখা সাহিত্য সভায়ো "নিজৰ দিন" অনুষ্ঠিত কৰি ঘৰে ঘৰে গৈ ঘিলামৰাৰ ৬ গৰাকী বিশিষ্ট, বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e6ecaf73-5757-41d5-8a65-89ff05fd344c/WhatsApp_Image_2023_04_16_at_7_49_16_PM.jpeg)
সমাজহিতৈষী ধৰ্মপ্ৰাণ নৰেন দত্ত, নৰনাথ হাতী বৰুৱা, দেৱেন ফুকন, ডা: কেশৱ চন্দ্ৰ গগৈ, তীৰ্থ নাথ বৰুৱা, ঠগিতা খাটনিয়াৰ আদিৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰা হয় শাখা সাহিত্য সভাৰ তৰফৰ পৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2528ccde-3fd8-41e5-9ae3-3551b3c98c38/WhatsApp_Image_2023_04_16_at_7_50_55_PM.jpeg)
ঘিলামৰা শাখা সাহিত্য সভাৰ সভাপতি দণ্ডীধৰ গোহাঁই, সম্পাদক মিন্টু গগৈ, কোষাধ্যক্ষ দ্বীপেন হাজৰিকা, উপসভাপতি পূৰ্ণানন্দ চেতিয়া, জিলা সদস্যা চন্দ্ৰপ্ৰভা গগৈ ,সহকাৰী সম্পাদক উত্তম হাজৰিকা, দুলাল দিহিঙ্গীয়া, সদস্য দিপাংকৰ চেতিয়া আদিৰ সহযোগিতাত "নিজৰ দিন" উদযাপন কৰা হয় ।