/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/676173bd-3bef-49d1-8a9c-7d00a8f8ee48/Kaziranga_CM_Visit.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হঠাৎ উপস্থিত মুখ্যমন্ত্ৰী ৷ দেওবাৰে আবেলি প্ৰায় দুই বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰে কহঁৰা বনাঞ্চলত ৷ প্ৰায় চাৰি ঘন্টাৰো অধিক সময় বনাঞ্চলত উপস্থিত থাকে মুখ্যমন্ত্ৰী গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f4e86727-b9f7-47e5-b64c-d4be2735cc08/Screenshot__88_.png)
ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই আহি মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশটোৰ পৰ্যবেক্ষণ কৰাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাস্তে, কাৰ্তিকা আদি অত্যন্ত দুৰ্গম এলেকা ভ্ৰমন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c7885c7e-4655-4b6b-9675-200de0c878e0/Screenshot__85_.png)
মূলতঃ কিছু দিনৰ আগতে গঁড় নিধন কাৰ্য সংঘটিত হোৱা স্থানৰ কাষৰীয়া এলেকাত বন শিবিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি জানিবলৈ দিয়ে। তদুপৰি অহা মে' মাহৰ ১০ তাৰিখে বন বিভাগত বহু সংখ্যক বনকৰ্মী নিযুক্তি দিয়া হ’ব ৷ এটা আউটপোষ্টৰ লগতে ব্ৰহ্মপুত্ৰত নিৰাপত্তা দিশটো অধিক শক্তিশালী কৰা হ’ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9668add6-8f43-46d7-ab37-ce5827802e78/Screenshot__91_.png)
Also Read: ১৯ বছৰীয়া নন্দিনীৰ শিৰত "ফেমিনা মিছ ইণ্ডিয়াৰ ২০২৩"ৰ মুকুত...