/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9e4a073a-71e7-4175-b58a-209246d5b78a/Naoboisa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : "কোনো ধৰণৰ সাংবিধানিক নীতি-নিয়ম নাই। যি মন যায় তাকেই বেপৰোৱা ভাবে কৰি জনজীৱন অতিষ্ঠ কৰি তুলিছে ভাৰতীয় নিৰ্বাচনী আয়োগে।" বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ নামত নিৰ্বাচন আয়োগে খচৰা তালিকা প্ৰকাশ কৰি ঢকুৱাখনা বিধান সভা সমষ্টিত প্ৰয়োগ কৰা অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি এইবাৰ দল মত নিৰ্বিশেষে গৰজি উঠিল ক্ষুব্ধ ৰাইজ।
বিশেষকৈ ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা ঘিলামৰা উন্নয়ন খণ্ডৰ পাতৃচুক, বগুম, ১ নং হাতীয়েমৰা, ২ নং হাতীয়েমৰা, ৩নং হাতীয়েমৰা, চতীয়না চাপৰি, হাতীয়েমৰা চাপৰি, বাঁহগুৰি, অয়েঙিয়া গাওঁ, মঘোৱা চুক এন চি, পাৰ ঘাট এন চি, গৰখীয়া চুক, চুকতি এন চি আদি ৰাজহ গাঁৱৰ লগতে বহু সংখ্যক অনা ৰাজহ গাঁও ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা চক্ৰান্তমূলক ভাবে নাওবৈছা বিধানসভা সমষ্টিলৈ স্থানান্তৰ কৰা অবিবেচকী কাৰ্যৰ বিৰুদ্ধে সোমবাৰে সবল গণ প্ৰতিবাদ সাব্যস্ত হয়।
এই সন্দৰ্ভত আলিমুৰ বালি গাঁও সামুহিক ভৱন প্ৰাংগণত সোমবাৰে অনুষ্ঠিত হয় এখন সৰ্বদলীয় গণ প্ৰতিবাদী সভা। উন্নয়ন খণ্ডটোৰ সোৱণশিৰী আৰু বৰ্ষামুখ পঞ্চায়তৰ ক্ষুব্ধ অসন্তুষ্ট নাগৰিকৰ অংশ গ্ৰহণেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ, সন্মিলিত গণ শক্তি অসম দল, ভাৰতীয় জনতা পাৰ্টি আদি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে প্ৰতিবাদী সভাত। সভাত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত ৰাজনৈতিক বিভাজনৰ সৃষ্টি কৰি আৰম্ভ কৰা অশুভ পৰম্পৰাকলৈ উত্তাল পৰিৱেশৰ সূত্ৰপাত ঘটে ঢকুৱাখনাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e4300cd7-5c1d-4527-a17e-cc0afa840408/afc5f205_545f_452e_8648_102845fbc917.jpg)
কেইবা সহস্ৰাধিক ক্ষুব্ধ নাগৰিকৰ উপস্থিতিত সোৱণশিৰী পঞ্চায়তৰ সভাপতি তথা সন্মিলিত গণশক্তি অসম দলৰ নেতা খনিন্দ্ৰ মেদকে উদ্বোধন কৰে সৰ্বদলীয় গণ প্ৰতিবাদী সভাৰ। আলিমুৰ বালি গাঁও সামুহিক ভৱন প্ৰাংগণত অনুষ্ঠিত বিশাল সৰ্বদলীয় সভাৰ উদ্বোধন কৰি "এয়া সোৱণশিৰী আৰু বৰ্ষামুখ পঞ্চায়তবাসীৰ স্বাধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰাম বুলি কৈ ভুক্তভোগী নাগৰিকৰ ঐক্যবদ্ধ সংঘবদ্ধ শক্তিৰে নিজৰ বিপন্ন ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰাৰ সংগ্ৰামত ব্ৰতী হৈ নাওবৈছাৰ পৰা ঢকুৱাখনা সমষ্টিলৈ উভতি অহাৰ সংগ্ৰাম পথ প্ৰশস্ত কৰাৰ আহ্বান জনায়।"
ঢকুৱাখনা জিলা টাকাম মিচিং পৰিন কৌবংৰ সম্পাদক অমৰজিৎ দলেয়ে আঁত ধৰা সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাংয়ে বক্তব্য ৰাখি ঢকুৱাখনা সমষ্টি আৰু ঢকুৱাখনাৰ ভোটাৰক বচোৱাৰ সংগ্ৰাম বুলি অভিহিত কৰি দুই পঞ্চায়তবাসীৰ প্ৰতি ধুৰন্ধৰ, স্বাৰ্থপৰ জন প্ৰতিনিধিয়ে সম্পন্ন কৰা ৰাজনৈতিক চক্ৰান্ত উৎখাত কৰি দল মত নিৰ্বিশেষে একত্ৰিত হৈ ঢকুৱাখনা সমষ্টি বচোৱাৰ আহ্বান জনায়।
সভাত প্ৰবীণ শিক্ষাবিদ তথা প্ৰাক্তন মিচিং জাতিয় সংগঠনৰ নেতা ৰুক্ম মেদকে সমষ্টিৰ পাৰ ভাঙি প্ৰখৰ ৰ'দকো উপেক্ষা কৰি হাজাৰ হাজাৰ নাগৰিক উপস্থিত হোৱাটোৱেই বুজাই কিমান ক্ষুব্ধ আৰু অসন্তুষ্ট নাগৰিক। মিচিং জনগোষ্ঠীক উত্তৰণৰ পথ দেখুওৱা জনগোষ্ঠীয় নেতা ডাঃ ৰণোজ পেগু, ভুৱন পেগু এই স্পৰ্শকাতৰ বিষয়ক লৈ নিমাত কিয় বুলি প্ৰশ্ন তুলি ঢকুৱাখনাত মিচিং জনগোষ্ঠীকলৈ ৰাজনীতি কৰি অহা, জাত-পাতৰ ৰাজনীতিৰে শাসনৰ গাদীত বহি জনপ্ৰতিনিধিত্বৰ ভাত খাই থকা নৱ দলেয়েও নিমাত নীৰৱ ভূমিকা গ্ৰহণ কৰাত আশ্চৰ্য প্ৰকাশ কৰে।
মেদকে অনভিজ্ঞ দায়িত্বহীন ব্যক্তিক বিধায়কৰ শাসনত গাদীত বহুৱাৰ বাবে ৰাইজে কুফল ভুগিছে বুলি কৈ সমষ্টিবাসীৰ অস্তিত্বৰ সংকট কালত নৱ দলেয়ে গ্ৰহণ কৰা এনে মুক বধিৰৰ ভূমিকাক কটু সমালোচনা কৰি ৰাইজক মাৰবান্ধি গণতান্ত্ৰিক অধিকাৰ আজুৰি অনাৰ আহ্বান জনায়। মেদকে অকমন্য বিধায়ক নৱৰ নিষ্ক্ৰিয়তাৰ বাবে ৰাইজ এনেকৈ ওলাই আহিব লগীয়া হৈছে বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/901d6414-5405-45ee-bb37-59953ebf3afd/16db36dc_2352_42cf_834d_b2bdfe0d899e.jpg)
সভাত গেৰুৱা স্থানীয় নেতা কোলাৰাম পায়েংয়ে কয় সমষ্টিৰ নাগৰিকক বহু দূৰৰ নাওবৈছা সমষ্টিৰ সতে চামিল কৰা জনবিৰোধী কাম চৰকাৰেই কৰক, জন প্ৰতিনিধিয়ে কৰক বা নিৰ্বাচন আয়োগে কৰক তাক আমি নামানো। এই হঠকাৰী কাণ্ডৰ সন্দৰ্ভত এক দাবী চনদ প্ৰস্তুত কৰি ভাৰতীয় নিৰ্বাচন আয়োগক জনোৱাৰ আহ্বান জনাই যি কোনো কাৰণতে ঢকুৱাখনা সমষ্টিত দুই পঞ্চায়তবাসী থাকিবই বুলি মন্তব্য কৰে। সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেয়ে কয়, নীতি নিয়ম উলংঘা কৰি ঢকুৱাখনা সমষ্টিৰ গাঁওসমূহ নাওবৈছা সমষ্টিত অন্তৰ্ভুক্ত কৰাত ৰাজহুৱা আপত্তি আছে।
চক্ৰান্ত মূলকভাবে পঞ্চায়তখনৰ এখন কৈৱৰ্ত বসতি প্ৰধান গাঁৱক এৰি মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান গাঁৱক নাওবৈছাত অন্তৰ্গত কৰা কাৰ্যৰ মাজতে নিকৃষ্ট ৰাজনীতি জড়িত থকা বুলি কয়। দলেয়ে যুগ যুগ ধৰি ঢকুৱাখনা সমষ্টিবাসী হিচাবে ৰাজনৈতিক পৰিচয় থকা ৰাইজক স্বাৰ্থপৰ ৰাজনৈতিক নেতাই দিয়া জীয়া যন্ত্ৰণা আৰু শাস্তিৰ পৰিণাম ধুৰন্ধৰ জন প্ৰতিনিধিসকলে অনাগত সময়ত ভুগিব লাগিব বুলি সকীয়াই দিয়ে। তেওঁ এই সভাৰ উদ্দেশ্য ৰাজনৈতিক নহয় বুলি কৈ খিলঞ্জীয়া ৰাইজক বচোৱাৰ এই গণতান্ত্ৰিক সংগ্ৰামৰ ভাষা নিৰ্বাচন আয়োগে নুবুজিলে ৰাইজে প্ৰয়োজন হ'লে আত্মজাহ দিব কিন্তু নাওবৈছাত অন্তৰ্ভুক্ত কেতিয়াও নহয় বুলি সকীয়াই দি বিধায়ক নৱ দলেয়ে এই ক্ষেত্ৰত নিৰ্বাক ভূমিকা গ্ৰহণ কৰাতকৈ পদত্যাগ কৰাৰ দাবী জনায়।
সভাত ইন্দ্ৰ কুমাৰ চোংক্ৰাংয়ে ৰজাৰ নিৰ্দেশত প্ৰজাৰ বিলাই বিপত্তি হৈছে বুলি কৈ কোনো ক্ষমতালোভী ৰাজনৈতিক নেতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিব নোৱাৰো বুলি কৈ কোনো ৰাজনৈতিক নেতাৰ অভীষ্ট সিদ্ধিৰ বাবে এই স্থানান্তৰ হোৱা কাম হ'বলৈ নিদিও বুলি সকীয়াই দিয়ে। বিধায়ক নৱ দলেৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই অবিবেচকী কাৰ্য হোৱা বুলি কৈ এই গাঁওসমূহ ঢকুৱাখনালৈ উভতাই ননা পৰ্যন্ত গেৰুৱা দলৰ সকলো কাম কাজ সমষ্টিটোত বন্ধ কৰাৰ আহ্বান জনায়। তেওঁ কেৱল ৰাজনৈতিক স্বাৰ্থ আদায়ৰ স্বাৰ্থত সমষ্টি সীমা নিৰ্ধাৰণ হ'ব নালাগে বুলি কৈ ক্ষমতালোভী স্বাৰ্থপৰ বিধায়কৰ স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগিব বুলি কৈ এই প্ৰায় ২০ খন গাওঁ পুনৰ ঢকুৱাখনালৈ উভতাই অনাৰ অবিহনে এই গণতান্ত্ৰিক সংগ্ৰাম স্তিমিত নহয় বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4f68de5c-5e7b-4625-a3c5-c6da3eef2361/3eb0a372_694a_49a5_9631_35b566aa27c3.jpg)
দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ পদ্মেশ্বৰ দলে, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সদস্য গৌৰি শংকৰ বৰুৱা, বিজেপি দলৰ সদস্য বৈদ্য নাথ পায়েং, শৰৎ মৰাং আদিয়েও বক্তব্য আগবঢ়ায়। সভাত উপস্থিত ৰাইজৰ স্বাক্ষৰ সংগ্ৰহ কৰি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰি এই ক্ৰুটিপূৰ্ণ সিদ্ধান্ত বাতিল কৰি উক্ত ২০ খন গাঁও পুনৰ ঢকুৱাখনালৈ উভতাই অনাৰ দাবী জনায়।
Also Read: সংকটজনক অৱস্থাত চিকিৎসাধীন মনজিৎ মহন্ত...