বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ...

অৱশেষত ঘিলামৰা আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা ড্ৰাগছ ব্যৱসায়ী প্ৰদীপ চুতীয়া পুনৰ আৰক্ষীৰ জালত।

author-image
Asomiya Pratidin
New Update
বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত ঘিলামৰা আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা ড্ৰাগছ ব্যৱসায়ী প্ৰদীপ চুতীয়া পুনৰ আৰক্ষীৰ জালত। সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সৰু পতিয়া গাঁৱৰ ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰী অপৰাধী জনৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত এক গোচৰৰ (নং- ৩৮/২০২৩)ৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি মঙ্গলবাৰে দুপৰীয়া ঘিলামৰা আৰক্ষীয়ে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিবলৈ গাড়ীৰে আনি থকা অৱস্থাতে হেণ্ডকাফ খুলি পলায়ন কৰিছিল অপৰাধীজন।

Advertisment

ঘিলামৰা আৰক্ষীৰ নগ্ন স্বৰূপ উদঙাই জিম্মাৰ পৰাই পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ সন্ধানত ঘিলামৰা আৰক্ষীয়ে বিনিদ্ৰ ৰজনী কটাই সন্ধান চলায়ো ব্যৰ্থ হোৱাৰ পাছত সোনাৰী চাপৰি আৰক্ষী সফল হ'ল অপৰাধীটোক গ্ৰেপ্তাৰ কৰাত। জানিব পৰা মতে, ঘিলামৰাৰ পৰা আহি জামুগুৰি অংশ পাওঁতেই আৰক্ষীৰ গাড়ীৰ পৰা হেণ্ডকাফ খুলি পলায়ন কৰিছিল প্ৰদীপ চুতীয়া। এখন বাছত উঠি আৰক্ষীৰ চকুৰ সন্মুখেৰে গৈ স্ব-গৃহত উপস্থিত হৈছিল প্ৰদীপ।

এই সন্দৰ্ভত খবৰ লাভ কৰি সোনাৰী চাপৰি আৰক্ষী চকীৰ আৰক্ষীয়ে পৰিকল্পিত ভাবে অভিযান চলাই বুধবাৰে পুৱা প্ৰায় ৫-৩০ বজাত ঘৰত সোমাই শুই থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, সোনাৰী চাপৰি আৰক্ষীয়ে যোৱা নিশাটো পলাতক অপৰাধীটোৰ ঘৰৰ কাষত কৌশলেৰে অৱস্থান কৰিছিল। তাৰ পাছত বুধবাৰে পুৱা প্ৰায় ৫ বজাত স্ব-গৃহত উপস্থিত হৈ পলাতক আচামী প্ৰদীপে শোবলৈ লওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোনাৰী চাপৰি থানালৈ আনে আৰু পাছত ঘিলামৰা আৰক্ষীক চমজাই দিয়ে।

ইপিনে ঘিলামৰা থানাত এন ডি পি এছ আইনৰ আচামী অপৰাধীজনৰ বিৰুদ্ধে মঙ্গলবাৰে ঢকুৱাখনা সদৰ থানাত এক নতুন গোচৰ ৰুজু হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩/২২৪ ধাৰাত পঞ্জীভূত গোচৰ (নং- ৮২/২০২৩)ৰ আচামীটোক যাৱতীয় নীতি নিয়মৰ বাবে ঘিলামৰা আৰক্ষীৰ পৰা ঢকুৱাখনা আৰক্ষীয়ে জিম্মালৈ আনিব বুলি জনাইছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে এইটো আচামী সোনাৰী চাপৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ পাছত কি কাৰণত পুনৰ ঘিলামৰা আৰক্ষীয়ে বিভাগীয় গাড়ীৰ পাছফালে নিৰাপত্তাৰক্ষীহীন ভাবে বঢ়াই আদালতলৈ আনিছিল সেয়াও এক ৰহস্যৰ বিষয় হিচাবে ধৰা দিছে ।

Also Read: ভূমিস্খলন: পুনৰ স্তব্ধ শিলচৰ সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত...

Assam police