ৰাজ্যত চিন্তনীয়ভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন, হিতাধিকাৰী আঁচনিৰ কু-প্ৰভাৱ গ্ৰাম্য সমাজত

ৰাজ্যত চিন্তনীয়ভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন, হিতাধিকাৰী আঁচনিৰ কু-প্ৰভাৱ গ্ৰাম্য সমাজত

ডিজিটেল ডেস্ক : প্ৰতিদিনেই ন ন হিতাধিকাৰী আচনিৰে ভোটাৰৰ অন্তৰত বাস কৰিছে শাসনাধিষ্ঠ চৰকাৰে । বিনামূলীয়া চাউল, পি এম কিষাণ, অৰুণোদয় আদিকে ধৰি অলেখ হিতাধিকাৰীমূলক আঁচনিৰে চৰকাৰে ওপচাই পেলাইছে ৰাজ্যবাসীক । কিন্তু শেহতীয়াকৈ এই আঁচনিসমূহৰ কু-প্ৰভাৱ ভূগিব লগীয়া হৈছে কৃষিপ্ৰধান ৰাজ্য অসমে । ক্ৰমাগতভাৱে ধানৰ উৎপাদন কমি অহা বিষয়টোৱে এতিয়া চিন্তাত পেলাইছে ৰাজ্যবাসীক ।

কৃষি বিভাগৰ উন্নতিৰ কথা সততেই কৈ অহা অতুল বৰাৰ প্ৰচাৰৰ বিপৰীতে হ্ৰাস পোৱা উৎপাদনে অইন এখন ছবিহে দাঙি ধৰিছে ।

তথ্য অনুসৰি, অসমত ২০১৬-১৭ বৰ্ষত আহু ধান উৎপাদন হৈছিল ৩ লাখ ৯৩ হাজাৰ টন । কিন্তু প্ৰতিবছৰেই এই সংখ্যা হ্ৰাস পাই আহি ২০২১-২২ বৰ্ষত এই সংখ্যা হয়গৈ ২ লাখ ৯১ হাজাৰ টন । অৰ্থাৎ ২০১৬-১৭ বৰ্ষতকৈ ৬.৯৫ শতাংশ কমকৈ উৎপাদন হৈছে আহু ধান ।

একেধৰণেই ২০১৬-১৭ বৰ্ষত শালি ধান উৎপাদন হৈছিল ৫৭ লাখ ৯৫ হাজাৰ টন । কিন্তু এই সংখ্যা ২০২১-২২ বৰ্ষত হয়গৈ ৫১ লাখ ৮৪ হাজাৰ টন ।

এই সমস্যাই এনে এক পৰ্যায় পাইছেগৈ যে, ধান ক্ৰয় প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে জিলাই জিলাই কৃষকৰ পৰা ধান বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে ।

চলিত বৰ্ষত অসম চৰকাৰে কৃষকৰ পৰা মুঠ ৯ লাখ ৫৩ হেজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল যদিও এই পৰ্যন্ত ৫ লাখ ৬৭ হাজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ হে সক্ষম হয় ।

উল্লেখ্য যে, কৃষি বিভাগত বিগত কেইবা বছৰ ধৰি খালী হৈ আছে প্ৰায় ১৮০০ কৃষি সম্প্ৰসাৰণ কৰ্মীৰ পদ । এই পদত থকা লোকসকলেই সকলো সময়তেই কৃষকৰ ওচৰলৈ গৈ কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ দিব লাগে । তাৰোপৰিও বিনামূলীয়া চাউল প্ৰদানৰ সৈতেী প্ৰত্যেক মাহে বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰি অহা ধনৰ পাছতেই যেন ক্ৰমাৎ কৰ্মবিমূখ হৈ পৰিছে । যাৰ বাবেই সামগ্ৰিকভাৱে ধান উৎপাদন সামগ্ৰিকভাৱে হ্ৰাস হৈছে নেকি সেইয়া হৈ পৰিছে এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

ৰাজ্যত চিন্তনীয়ভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন, হিতাধিকাৰী আঁচনিৰ কু-প্ৰভাৱ গ্ৰাম্য সমাজত
মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কুকি আৰু মেইটেই জনগোষ্ঠীৰ সৈতে আলোচনা অমিত শ্বাহৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in