/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/11975d7c-a3cc-4705-9cd4-ca714216786c/Dhakua.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক "ড্ৰিম প্ৰজেক্ট"। প্ৰায় ২ কোটি ৭৫ লাখ টকা ব্যয় সাপেক্ষ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰাত এই প্ৰকল্পৰ অধীনত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ আঁচনি আছিল তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালৰ। বিগত প্ৰায় কেইবা বর্ষজোৰা শামুকীয়া গতিৰ নিৰ্মাণ কাৰ্যৰ অন্তত অৱশেষত সম্প্ৰতি ঘিলামৰাৰ প্ৰেক্ষাগৃহটোৱে সম্পূৰ্ণতাৰ মুখ দেখিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/54176812-b049-4f34-8c3a-89054ff86fc8/ea7bcb75_e83c_4005_8bd5_15373ef52045.jpg)
ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই অত্যাধুনিক সুদৃশ্য প্ৰেক্ষাগৃহটো দেওবাৰে ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি মুকলি কৰা হয় । ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেয়ে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা, ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ চন্দ্ৰ গোহাঁই, সম্পাদক গুণ হাজৰিকা, বিজেপি নেতা সুনীল দলে, হিৰণ্য হাজৰিকা, জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই আৰু গৰিষ্ঠ সংখ্যক দলীয় নেতৃবৰ্গ, বিশিষ্ট জ্যেষ্ঠ নাগৰিকৰ লগতে ঘিলামৰাবাসীৰ উপস্থিতিত জনাকীৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4887f526-35ce-4912-aa38-2f4a84f887bd/1b451553_1144_4d29_a40b_a6e921a221ce.jpg)
বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতে কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত নৱ-নিৰ্মিত প্ৰেক্ষাগৃহটিৰ আয়তীৰ উৰুলি মঙ্গলধ্বনিৰ মাজত ফিটা কাটি গৃহ প্ৰৱেশ কৰে বিধায়ক সহ গৰিষ্ঠ সংখ্যক ৰাইজ । উন্নয়ন সমিতিৰ সহকাৰী সম্পাদক যোগানন্দ গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ পাছত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সভা । সভাত বিধায়ক দলেয়ে ঘিলামৰাবাসীৰ এক সপোন বাস্তৱায়িত হোৱা বুলি কৈ চমু উদ্বোধনী বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f70d5ded-6e27-44f5-bccc-02bd393fa84b/b09a34fc_f8f9_487a_a76b_97810e80558f.jpg)
উল্লেখযোগ্য যে, প্ৰেক্ষাগৃহটোৰ চৌহদৰ পকী বেৰা নিৰ্মাণ আৰু চৌহদৰ ভূপৃষ্ঠ উন্নয়নৰ বাবে এক আঁচনি গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰে এই অভাৱ পূৰণ হ'ব বুলি অনুষ্ঠানৰ উদ্যোগক্তা উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই জানিবলৈ দিয়ে। একেলগে প্ৰায় ৫ শতাধিক আসন বিশিষ্ট এই প্ৰেক্ষাগৃহতো ঘিলামৰাবাসীক প্ৰদান কৰাৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক দলে সহ ৰাজ্য চৰকাৰৰ শলাগ লৈছে সম্পাদকগৰাকীয়ে।
Also Read: ক'ত হেৰাল চীনৰ বৈদেশিক মন্ত্ৰী ! এমাহে দেখা-দেখি নাই কিন গ্যাঙৰ...