পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল তিতাবৰৰ সন্তান অংশুৰাজ দত্ত...

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল তিতাবৰৰ সন্তান অংশুৰাজ দত্ত...

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ সু-সন্তান অংশুৰাজ দত্তই ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰোত্তোলন ৫৩ কেজি জুনিয়ৰ শাখাত ৰূপৰ অপদক অর্জন কৰিবলৈ সক্ষম হৈছে। লগতে বেঞ্চপ্ৰেছত সোণৰ পদক অৰ্জন কৰি পূৰ্বৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

খেলুৱৈ গৰাকীৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাত তিতাবৰ অসামৰিক চিকিৎসালয়ৰ সমীপত থকা মানস ট্ৰান্সফৰ্মেচন নামৰ শৰীৰৰ চৰ্চা কেন্দ্ৰত তিতাবৰ মহকুমাধপিত ৰাহুল কুমাৰ গুপ্তা উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ অংশুৰাজক ভৱিষ্যতলৈ আৰু আগুৱাই গৈ ৰাজ্য তথা দেশৰ নাম উজ্বলাবলৈ উৎসাহিত কৰে ।

আনহাতে শিষ্যৰ সফলতাত আৱেগিক প্ৰশিক্ষক মানসজ্যোতি শইকীয়া। প্ৰশিক্ষক গৰাকীয়ে অংশুৰাজে বিশ্ব চেম্পিয়নচিপত অংশগ্ৰহণ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ যি সপোন দেখিছে সেয়া বাস্তৱ হোৱাৰ আশা প্ৰকাশ কৰে ।

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল তিতাবৰৰ সন্তান অংশুৰাজ দত্ত...
নগাঁও ইলেক্ট্ৰনিক মিডিয়াৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in