ঘিলামৰাত চুলাই বিৰোধী অভিযান

তদুপৰি প্ৰস্তুত কৰাত ব্যৱহৃত প্ৰায় ৩৫০ লিটাৰ "পাজ", ৩ টা চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত সঁজুলি উদ্ধাৰ কৰি কৰে

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত চুলাই বিৰোধী অভিযান

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা আৱকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক ভূপেন শইকীয়াৰ নেতৃত্বত সোমবাৰে নিশা পৰ্যন্ত কেইবাটাও গ্রামাঞ্চলত চলে অবৈধ চুলাই বিৰোধী অভিযান। আবকাৰী বিভাগৰ সহকাৰী পৰিদৰ্শক জনাৰ্দন গোস্বামী আৰু ঘিলামৰা আৰক্ষীৰ সহযোগত ঘিলামৰাৰ মধুপুৰ চাহ বাগান, চিৰিং গাঁও, ঘিলামৰা, ভাটি জালভাৰী আদি গাঁৱত চলোৱা হয় অভিযান।

অভিযানকালত বহু কেইটা অবৈধ চুলাই ভাতি উচ্ছেদ কৰাৰ লগতে প্ৰায় ৬৫ লিটাৰ চুলাই মদ বিনষ্ট কৰা হয়। তদুপৰি প্ৰস্তুত কৰাত ব্যৱহৃত প্ৰায় ৩৫০ লিটাৰ "পাজ", ৩ টা চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত সঁজুলি উদ্ধাৰ কৰি সেইবোৰ থলিতে বিনষ্ট কৰে ।

Also Read: চাওক এইবাৰ কি কি নিয়ম মানিব লাগিব পূজা কমিটীয়ে...

Assam police