/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/20d78801-ced4-4be7-8da6-0433e7800042/AP_FOR_durga.jpg)
ডিজিটেল ডেস্কঃ দুৰ্গাপূজাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক। জিলা পুথিভঁৰালত অনুষ্ঠিত এই বৈঠকত পূজা কমিটীৰ বিষয়ববীয়াৰে মিলিত হয় আৰক্ষী আয়ুক্ত দিগন্ত বৰা। তদুপৰি বৈঠকত উপস্থিত থাকে প্রশাসনৰ কেইবাজনো বিষয়া। বৈঠকতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিষয়াসকলে।
সেই অনুসৰি ফুটপাথ, বাইলেন বন্ধ কৰি কোনো কমিটীয়ে পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। স্থানীয় আৰক্ষী থানাইহে পূজা সমিতিক অনুমতি দিব আৰু প্রতিখন পূজা কমিটীয়ে CCTV সংলগ্ন কৰিব লাগিব বুলি বৈঠকৰ পাছত জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।
ইপিনে APDCLৰ অনুমতি অবিহনে আলোকসজ্জাৰ ব্যৱস্থা কৰিব নোৱাৰিব তথা পূজা মণ্ডপত আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা সঠিকভাৱে কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে। আকৌ প্রতিখন পূজা কমিটীয়ে সভাপতি, সম্পাদকৰ নাম ৰাইজে দেখাকৈ ওলমাই ৰাখিব লাগিব বুলিও বৈঠকৰ পাছত নিৰ্দেশনা জাৰি কৰা হয়।
সমান্তৰালভাবে প্লাষ্টিকৰ সামগ্রী প্রয়োগ কৰা মূৰ্তি ব্যৱহাৰ কৰিব নোৱাৰিব আৰু প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডে এনে প্রতিমা ব্যৱহাৰত অনুমতি নিদিয়ে বুলি জানিবলৈ দিয়ে। একেদৰে সাংস্কৃতিক অনুষ্ঠানৰ বাবে আগতীয়াকৈ আৰক্ষীৰ অনুমতি ল’ব লাগিব, অনুষ্ঠানৰ বাবে আৰক্ষীয়ে নিৰ্দিষ্ট সময় বান্ধি দিব বুলি মন্তব্যত প্ৰকাশ কৰে তেওঁ। উল্লেখৰ প্ৰয়োজন যে, চূণচালি, পাণ্ডু, বশিষ্ঠ, সোণাপুৰ, ডিগাৰু, কাছমাৰী ঘাটক পূৰ্বৰ দৰে বিসৰ্জন দিয়াৰ স্থান হিচাবে চিহ্নিত কৰিছে।
প্রদূষণ ব’ৰ্ডৰ পৰামৰ্শ অনুসৰি প্রশাসনে বেৰিকেডৰ ব্যৱস্থা কৰিব বিসৰ্জন ঘাটত। পানীত দ্রৱীভূত হ’ব পৰা সামগ্রী ব্যৱহাৰ কৰাৰ পৰামৰ্শৰ লগতে প্লাষ্টিক আৰু থাৰ্ম’কলজাতীয় সামগ্রী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। নিয়ম ভংগ কৰা কমিটীয়ে জৰিমনা ভৰিব লাগিব আৰু এই ক্ষেত্ৰত পঞ্চায়ত এলেকাত ৩ হাজাৰ, নগৰ এলেকাত ৫হাজাৰ টকা পৰ্যন্ত জৰিমনা হ'ব বুলি জানিবলৈ দিছে আয়ুক্তগৰাকীয়ে।
Also Read: বিশ্বনাথৰ লেহুগাঁৱত চুৰিকাণ্ডৰ ঘটনা