বতৰৰ বিধি পথালিঃ মানকাচৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে মুখ্যমন্ত্ৰী-গৌৰৱ গগৈয়ে

বতৰৰ বিধি পথালিঃ মানকাচৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে মুখ্যমন্ত্ৰী-গৌৰৱ গগৈয়ে

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰৰ দিনা আজি মানকাচৰ বিধানসভা সমষ্টিৰ তিনিটা পৃথক স্থানত কংগ্ৰেছ, এআইইউডিএফ আৰু অগপ-বিজেপি মিত্ৰজোটৰ তিনিটা পৃথক নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

মানকাচৰ চহৰৰ মাজমজিয়াত থকা জে.এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত পুৱা ১০বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল। মানকাচৰত মুখ্যমন্ত্ৰী আহিব বুলি মানকাচৰকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও হিল-দোল ভাঙি হাজাৰ হাজাৰ লোক অগপ-বিজেপিৰ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয়।

দিনৰ প্ৰায় ১১ বজালৈ মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাত অৱশেষত অগপ প্ৰাৰ্থী জাবেদ ইছলাম নিজৰ ভাষণ আৰম্ভ কৰে। জাবেদ ইছলাম আবেগীক হৈ ৰাইজৰ পৰা ভোট বিচাৰে। বতৰ বেয়া হোৱা বাবে মুখ্যমন্ত্ৰী মানকাচৰত উপস্থিত হ'ব নোৱাৰিলে। ফলত দিনৰ প্ৰায় ১১.৩০ বজাত তেঁওৰ প্ৰচাৰ সভা বাতিল কৰা হয়। মুখ্যমন্ত্ৰী আহিব বুলি জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগপৰ এই নিৰ্বাচনী সভাত কমেও ২০ সহ্স্ৰাধিক লোকৰ সমাগম হৈছিল বুলি ধাৰণা কৰা হৈছে।

ইফালে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত দেওবাৰে দিনৰ ১১ বজাত মানকাচৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ অন্তিম নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই বিশাল নিৰ্বাচনী সভাখনত সাংসদ গৌৰৱ গগৈ, সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী আল্কা লাম্বা, ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন, বিধায়ক অখিল গগৈকে ধৰি কেবাজনো কংগ্ৰেছৰ নেতা উপস্থিত হোৱাৰ কথা আছিল। কিন্তু বতৰে বিধি পথালি দিয়া বাবে মুখ্যমন্ত্ৰীৰ দৰেই গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু আলকা লাম্বা মানকাচৰত অনুষ্ঠিত হোৱা অন্তিম নিৰ্বাচনী সভাত উপস্থিত হ'ব নোৱাৰিলে।

বতৰ বেয়া হোৱা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ মানকাচৰত উপস্থিত হব নোৱাৰিলে যদিও কংগ্ৰেছৰ হৈ অকলে বিধায়ক অখিল গগৈ, বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলায়। বিধায়ক অখিল গগৈয়ে শনিবাৰে মানকাচৰ বিধানসভা সমষ্টিত উপস্থিত ৰকিবুল হুছেইনৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজমল আৰু অগপ-বিজেপিক কঠোৰ সমালোচনা কৰে। ২০২৬ চনত বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিলে সকলো বৈধ ভাৰতীয় মুছলমান সংখ্যালঘু লোকক মাটিৰ পাট্টা দিয়া হব বুলিও অখিল গগৈয়ে দাবী কৰে।

তেওঁ আৰু কয়, তেওঁক ৩২ বাৰ জেলত দিয়া হৈছে, তাৰ ভিতৰত ১৬ বাৰ কংগ্ৰেছ তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে তেওঁক জেললৈ প্ৰেৰণ কৰিছে। তাৰ পাচতো দেশ, দেশৰ সংবিধান আৰু দেশৰ গণতন্ত্ৰণ ৰক্ষা কৰিবলৈ অখিল গগৈ ৰকিবুল হুছেইনক সমৰ্থন কৰি তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিছে।

এইদৰে অখিল গগৈ ৰকিবুল হুছেইনৰ হৈ মানকাচৰৰ বিভিন্ন তিনিটা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই সকলো লোকক কংগ্ৰেছত ভোট দিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। অখিল গগৈৰ সভাত ৰাইজৰ বিপুল সহাঁৰি দেখা পোৱা যায়। এই সভাখনত পূৰ্বৰে পৰা মানকাচৰত ৰকিবুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাও উপস্থিত আছিল। মানকাচৰত অন্তিম প্ৰচাৰৰ পাছত ৰকিবুল হুছেইনৰ হৈ গোৱালপাৰাত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

আনহাতে কংগ্ৰেছ-অগপৰ সমান্তৰাল ভাৱে মানকাচৰৰ কালাপানী কেপিএল খেলপথাৰত মানকাচৰ জিলা এআইইউডিফে মানকাচৰ সমষ্টিত অন্তিম বিশাল নিৰ্বাচনী প্ৰচাৰ চলায়। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ উদ্দীন কাছিমীৰ লগতে দলটোৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম আজমলৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজৰ পৰা ভোট বিচাৰে।

বতৰে বিধি পথালি দিয়া বাবে কংগ্ৰেছ আৰু অগপ-বিজেপিৰ হেলিকপ্টাৰ মানকাচৰলৈ নাহিলেও প্ৰতিকূল বতৰৰ মাজতে আজমল কালাপানীৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয়। কালাপানীত আজমলে অন্তিমটো নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতে পুনৰ ছালাম দি উপস্থিত সমৰ্থকসকলক সম্বোধন কৰে। কেৱল জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ নিৰ্বাচনৰ পথাৰত নামিছো বুলি আজমল কান্দি কান্দি ৰাইজৰ পৰা ভোট বিচাৰে। সভাৰ শেষত আজমল দোৱা কৰি মানকাচৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অন্ত পেলায়। ইয়াৰ পাচত তেওঁ প্ৰতিকূল বতৰৰ মাজতে মানকাচৰৰ পৰা ধুবুৰী সমষ্টিৰ আন এখন সভালৈ ৰওনা হয়।

বতৰৰ বিধি পথালিঃ মানকাচৰত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে মুখ্যমন্ত্ৰী-গৌৰৱ গগৈয়ে
বাহুবলী ব্ৰীজভূষণ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in