ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...

ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...
ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে বুধবাৰে দুপৰীয়া ঢকুৱাখনা থানাৰ অন্তৰ্গত বকুলগুৰি আৰু মকৰাচুকত অভিযান চলাই বৃহৎপৰিমাণৰ ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্য, ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্ব গোপন সূত্ৰৰ পম খেদি প্ৰথমে অভিযান চলাই বকুলগুৰিৰ ৰাজপথৰে আহি থকা অৱস্থাৰ পৰা বকুলগুৰি গাঁৱৰ নিকুল দলেৰ পৰা ২ কেজি ৭০০ গ্ৰাম ভাং জব্দ কৰে ।

পৰৱৰ্তী সময়ত দলটোৱে ঢকুৱাখনাৰ মকৰাচুক গাঁৱত অভিযান চলাই নিজুমণি বুঢ়াগোহাঁইৰ কলিতাৰ চৌহদৰ পৰা মুঠ ২২ কেজি ২০০ গ্ৰাম ওজনৰ ৪৪ পেকেট  ভাং উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

আৰক্ষীৰ অভিযানকালত মুঠ ২৪ কেজি ৯০০ গ্ৰাম ভাং উদ্ধাৰ কৰে। আৰক্ষীয়ে  ভাং বেপাৰী নিজুমনি বৰগোঁহাই, মীনা কলিতা আৰু নিকুল দলেক গ্ৰেপ্তাৰ কৰি থানালৈ আনে ।

এই সন্দৰ্ভত ঢকুৱাখনা থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । ঢকুৱাখনা আৰক্ষীৰ এই সফল অভিযানক সচেতন মহলে শলাগ লৈছে। উদ্ধাৰ কৰা ভাংখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখৰ অধিক হব ।

ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...
নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তী: স্মৃতিগ্ৰন্থ 'জাপি' উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in