মাধৱদেৱ বিশ্ববিদ্যালয়ত UPSC, APSC, JEE আৰু NEET ৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ...

মাধৱদেৱ বিশ্ববিদ্যালয়ত UPSC, APSC, JEE আৰু NEET ৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ...
মাধৱদেৱ বিশ্ববিদ্যালয়ত UPSC, APSC, JEE আৰু NEET ৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ বিহপুৰীয়া: ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশিদাৰ হ'ব পৰাকৈ বিহপুৰীয়া সমষ্টিৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ লক্ষ্যৰে বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত গঠন কৰা বিধায়কৰ দক্ষতা বিকাশ সমিতি আৰু শিক্ষা উন্নয়ন সমিতিয়ে বিগত সময়চোৱাত সমষ্টিটোৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ অনুষ্ঠিত কৰি আহিছে বিভিন্ন কৰ্মশালা। শেহতীয়াকৈ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অসম আৰক্ষীৰ নিযুক্তিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ অনুষ্ঠিত কৰি অহা কৰ্মশালাৰ সমান্তৰালকৈ UPSC, APSC, JEE, NEET ৰ বাবে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ কৰিছে ৭৫ দিনীয়া এক কৰ্মশালা।

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত বিধায়কৰ দক্ষতা বিকাশ সমিতি আৰু শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত আৰু চিভিল চাৰ্ভিচেছ এছিভাৰ্ছ পইন্ট, গুৱাহাটীৰ সহযোগত অনুষ্ঠিত কৰা UPSC,APSC,JEE,NEET-২০২৪ ৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাটি আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। বিহপুৰীয়াৰ বট্টগঞা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কৰ্মশালাখন ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ আহ্বায়ক মাখন তামুলীয়ে আঁত ধৰা অনুষ্ঠানটিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰস্তুতি বৰুৱাই এটি বৰগীত পৰিবেশন কৰে। শুভাৰম্ভণি অনুষ্ঠানটিত বিধায়ক ড০ অমিয় কুমাৰ ভুঞাই উদ্বোধনী ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে সকলো ছাত্ৰ-ছাত্ৰীক গভীৰভাবে অধ্যয়ন কৰি আগন্তুক দিনত সমাজখনৰ লগতে অসম তথা সমগ্ৰ দেশখনৰ নেতৃত্ব দিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়। উল্লেখ্য যে, কৰ্মশালাখনত APSC ৰ বাবে ৫০ গৰাকী , JEE ৰ বাবে ৩০ গৰাকী আৰু NEET ৰ বাবে ৫০ গৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব।

উদ্বোধনী সভাখনত প্ৰাক্তন বিধায়ক তথা ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰা, নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পদ্মেশ্বৰ বৰা, বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যজিৎ বৰা, শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ সোনাৰাম কলিতা, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যৰঞ্জন বৰা, নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মনোৰঞ্জন শৰ্মা, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈ, পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুনিন্দ্ৰ বৰাই অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷

মাধৱদেৱ বিশ্ববিদ্যালয়ত UPSC, APSC, JEE আৰু NEET ৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ...
ধেমাজি জিলা দেহশ্ৰী প্ৰতিযোগিতা সম্পন্নঃ কুলদীপ গগৈ 'মিষ্টাৰ ধেমাজি-২০২৩'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in