/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6e61883b-9dd7-4c54-bdc4-8c2a20b8f514/dhemaji_11.jpg)
ধেমাজি জিলা দেহশ্ৰী প্ৰতিযোগিতা সম্পন্নঃ কুলদীপ গগৈ 'মিষ্টাৰ ধেমাজি-২০২৩'...
ডিজিটেল সংবাদ ধেমাজিঃ বিগত বছৰৰ দৰে এই বছৰো ধেমাজি জিলা বডী বিল্ডাৰ্ছ এণ্ড ফিটনেচ এছোচিয়েশ্বনৰ তত্বাৱধানত ধেমাজি জিমনাষ্টিকছ ক্লাৱৰ সৌজন্যত ২৮ সংখ্যক ধেমাজি জিলা প্ৰাইজমাণি দেহশ্ৰী আৰু ফিটনেচ প্ৰতিযোগিতাখনি ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হয় ৷
ধেমাজি জিলা বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছোচিয়েশ্বনৰ সভাপতি তথা প্ৰাক্তন শৰীৰ চৰ্চাবিদ বিৰলা পাতিৰ আৰু ধেমাজি জিমনাষ্টিকছ ক্লাৱৰ সভাপতি তৈল্য বিকাশ বড়াই ক্ৰমে জিলা বডী বিল্ডাৰ্ছ এছোচিয়েশ্বনৰ পতাকা আৰু আয়োজক সমিতিৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/44ec9277-402f-4f9b-8592-657d85797a7f/91042a22_25bb_4d4f_94e6_de950151fd5b.jpg)
বিয়লি ৩ বজাত এছোচিয়েশ্বনৰ কাৰিকৰী সভা অনুষ্ঠিত হোৱা পিছতেই সন্ধিয়া ৬ বজাত বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক নীপ কোঁৱৰে প্ৰতিযোগিতাসমূহৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ কুশজ্যোতি গগৈ, ২০১৮ চনত 'জুনিয়ৰ মিষ্টাৰ অসম' উপাধি প্ৰাপক বিৰাজ শৰ্মা আৰু ২০২১চনত 'জুনিয়ৰ মিষ্টাৰ অসম' উপাধি প্ৰাপক দেৱশীস গগৈক বিশেষভাৱে সম্বধৰ্না জনোৱাৰ উপৰিও ধেমাজিৰ ক্ৰীড়া সংগঠক তথা প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া পেঞ্চনাৰ লক্ষ্যেশ্বৰ কোঁৱৰ,অসম ভাৰত্তোলন সন্থাৰ উপ-সভাপতি তথা ভাৰত্তোলনৰ ৰাষ্ট্ৰীয় ৰেফাৰী ও ক্ৰীড়া পেঞ্চনাৰ পদ্ম বৰ গোঁহাই, বিশিষ্ট ক্ৰীড়াবিদ তথা ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক যতীন বুঢ়াগোঁহাই, ভাৰত্তোলনৰ প্ৰশিক্ষক তথা ধেমাজি জিলা ভাৰত্তোলন সন্হাৰ সম্পাদক ধমেন্দ্ৰ কছাৰী, ধেমাজি পৌৰসভাৰ উপ-সভাপতি বিপ্লৱ কোঁৱৰ, বিশিষ্ট ব্যৱসায়ী মুহি বৰগোহাঁই, সাংবাদিক,সমাজ সেৱক তথা বিশিষ্ট ব্যৱসায়ী উমেশ খাণ্ডেলীয়াকে ধৰি ধেমাজি দেহশ্ৰী আৰু ফিটনেচ প্ৰতিযোগিতাখনলৈ সহায় সহযোগিতা আগবঢ়োৱা দাঁতাসকলকো সম্বধৰ্না জনোৱা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f713c74b-5256-41b5-be92-271016c5946e/db753b55_8eb4_4093_8810_7c1b79e9cbb8.jpg)
দেহশ্ৰী প্ৰতিযোগিতাত 'মিষ্টাৰ ধেমাজি-২০২৩' হিচাপে কুলদীপ গগৈয়ে সন্মান লাভ কৰি প্ৰথম স্হান লাভ কৰে ৷ 'মিষ্টাৰ মেন মডেল ফিজিক্স ২০২৩' হিচাপে সন্মান লাভ কৰি গোবিন্দ দিহিঙীয়াই দ্বিতীয় স্হান লাভ কৰে ৷ চিলাপথাৰৰ বিশ্বজিৎ ৰায়ে তৃতীয় স্হান লাভ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4a6558a1-64e8-47f1-a95c-1f5c18f7b606/23b7800e_00bb_4bc2_a98b_b80666bd1386.jpg)
একেদৰে মেন মডেল ফিজিক্স প্ৰতিযোগিতাত গোবিন্দ্ দিহিঙীয়াই প্ৰথম স্হান, মনোৰঞ্জন বৰদলৈয়ে দ্বিতীয় স্হান আৰু মানস চুতীয়াই তৃতীয় স্হান লাভ কৰে৷ উল্লেখ্য যে উদ্যোক্তাসকলে জনোৱা মতে এই প্ৰতিযোগিতাৰ পৰাই চলিত মাহৰ ১৬ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া ৫১ সংখ্যক ৰাজ্যিক দেহশ্ৰী প্ৰতিযোগিতালৈ ধেমাজি দল নিৰ্বাচন কৰিব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4d3f2419-351b-461c-869d-7b0fb0ae6254/3b8e78ee_af6b_4351_bde6_993fdb63a6ce.jpg)
Also Read: জম্মু কাশ্মীৰক শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ...