/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5f07aa24-5ca5-4197-8e8d-0c9fa7f1ca93/dhokuakhana_17.jpg)
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত পকী কালভাৰ্টৰ আধাৰশিলা...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা পঞ্চায়তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিয়ে স্পৰ্শ নকৰা দুখন গাঁৱৰ এটা কৌটিকলীয়া ৰাজহুৱা সমস্যাৰ সোমবাৰে স্থায়ী সমাধানৰ পথ প্ৰশস্ত হ'ল। পঞ্চায়তখনৰ অভয়পুৰ নাহৰনি আৰু অভয়পুৰ নাহৰবাৰী গাঁওবাসীৰ যাতায়তৰ একমাত্ৰ পথ হিচাবে ব্যৱহৃত গ্ৰাম্য পথটোত দীৰ্ঘ দিন ধৰি এখন পকী দলং অথবা এটা পকী কালভাৰ্টৰ অভাৱ হৈ আহিছিল।
ভুক্তভোগী ৰাইজে বহুবাৰ দলং অথবা কালভাৰ্ট নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সূচল কৰিবলৈ দাবী জনাই আহিছিল পূব ঢকুৱাখনা পঞ্চায়ত আৰু ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগক। কিন্তু চৰকাৰী আঁচনিৰ নামত অনিয়ম দুৰ্নীতিৰ নিকৃষ্ট পোহাৰ মেলাত সিদ্ধহস্ত পঞ্চায়ত সভাপতি ,সচিব কোনোৱেই গুৰুত্ব আৰোপ নকৰিলে ৰাইজৰ এই সমস্যালৈ ।
পৰিণতিত বাৰিষা, খৰালি উভয় কালতে সীমাহীন দুৰ্যোগৰ মাজেৰে গঞা ৰাইজে যাতায়ত কৰিবলগীয়া হৈছিল । অৱশেষত এই অংশত এটা পকী কালভাৰ্ট নিৰ্মাণৰ বাবে পুঁজি আৱন্তন দিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে।
পৰিষদৰ ২০২৩-২৪ বৰ্ষৰ পুঁজিৰে এই অংশত উন্নত মানৰ ২ টা কালভাৰ্ট নিৰ্মাণ কৰাত আগভাগ লৈ সোমবাৰে এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে সোমবাৰে এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
এই উপলক্ষত নিৰ্মাণস্থলীত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত অধ্যক্ষ পেগুৱে পৰিষদৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় ২৪ লাখ পুঁজিৰে এই আঁচনি ৰূপায়ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। মিচিং জাতিয় সংগঠন এম এম কেৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সদস্য তথা ঢকুৱাখনা ব্লক গনশক্তিৰ সভাপতি লক্ষ্যনাথ দলে, টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সদস্য জ্যোতিষ পেগু, এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মলেশ দলে, প্ৰাক্তন এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰাক্তন সম্পাদক মোহন পেগু, মিচিং বানৌ কৌবাংৰ সভাপতি পৰীক্ষিত মিলি আৰু মিচিং জাতিয় সংগঠনৰ পূৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে বহু সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থকা আধাৰশিলা স্থাপন অনুষ্ঠানত সঠিক আৰু গুণগত নিৰ্মাণত গ্ৰামবাসী ৰাইজৰ সতৰ্ক দৃষ্টি অধ্যক্ষগৰাকীয়ে কামনা কৰে ।
Also Read: ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...