ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...

ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...
ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ২৮ এপ্ৰিলত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযােগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ।

উক্ত কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহুৰ কাৰ্যসূচী অনুসৰি ২৮ এপ্ৰিলৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মিনন মােছাহাৰীয়ে, পুৱা ৯-৩০ বজাত স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ ৰাভাই।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযোগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ। উক্ত কাৰ্যসূচীৰ পূৰ্ৱে বন্তি প্ৰজ্বলন কৰিব মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে। প্ৰয়াত হনুমান প্ৰসাদ বাজাজ সোঁৱৰণী বিহুতলী উদ্বোধন কৰিব বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গােবিন্দ চন্দ্র বসুমতাৰীয়ে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব বি টি চিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰী, বি টি চি পৰিষদীয় সদস্য ফ্রেছ মােছাহাৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়ো, ওদালগুৰি জিলা উপায়ুক্ত ডাঃ ছাদনেক সিং, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, নিখিল বড়াে ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়াে, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতােপন দাস আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ মুখ্য উপদেষ্টা মুকুট দাস।

উক্ত মুকলি বিহু প্রতিযােগিতাত প্ৰয়াত ৰমেশ দাস, ৰাজ্যবালা দাস, কমল দাস আৰু চিন্ময় দাসৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ নগদ ৫০ হেজাৰ টকা প্ৰদান কৰিব ৰঞ্জিৎ দাস, অৰুণ কুমাৰ দাস আৰু পৰিয়ালবৰ্গ‌ই। প্ৰয়াত সােম্বাৰ ৰাভা আৰু দুঘৰী ৰাভাৰ সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ নগদ ৩০ হেজাৰ টকা প্ৰদান কৰিব হেমচন্দ্ৰ ৰাভা আৰু পৰিয়ালবৰ্গ‌ই।

প্ৰয়াত প্রদীপ কুমাৰ তালুকদাৰৰ সোঁৱৰণত তৃতীয় পুৰস্কাৰ নগদ ২০ হেজাৰ টকা প্রদান কৰিব মঞ্জু দেৱী আৰু পৰিয়ালবৰ্গই। আনহাতে প্ৰয়াত মহেশ্বৰ দাস আৰু ভৱানীবালা দাসৰ সোঁৱৰণত শ্রেষ্ঠ বৰ বিহুৱতীলৈ নগদ ১০ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব প্ৰহ্লাদ চন্দ্র দাস আৰু পৰিয়ালবৰ্গই।

দ্বিতীয় শ্রেষ্ঠ বৰ বিহুৱতীলৈ নগদ ৬ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব নৱনীতা শৰ্মা আৰু পৰিয়ালবৰ্গই, প্ৰয়াত সবিতা মেধিৰ সোঁৱৰণত শ্রেষ্ঠ বিহুৱালৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব শংকৰ মেধি আৰু পৰিয়ালবৰ্গ‌ই। প্ৰয়াত প্রিতমজ্যোতি দাসৰ সোঁৱৰণত শ্রেষ্ঠ ঢুলীয়ালৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বনমালী দাস আৰু পৰিয়ালবৰ্গই।

প্ৰয়াত কুমুদ দাসৰ সোঁৱৰণত শ্রেষ্ঠ পেঁপাবাদকলৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বিজয়া দাস আৰু পৰিয়ালবৰ্গই। উক্ত মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত সমূহ ওদালগুৰিবাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

উল্লেখ্য যে বিগত বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২২ টাকৈ আগশাৰীৰ বিহুদল আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে এই বিহুত অংশগ্ৰহণ কৰিছিল।

ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...
ক'ত হেৰাইছিল জিতুল সোণোৱাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in