ঢকুৱাখনা ৰাজহুৱা শ্মশানৰ পকীবেৰা আৰু প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন...

ঢকুৱাখনা ৰাজহুৱা শ্মশানৰ পকীবেৰা আৰু প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা ৰাজহুৱা শ্মশানৰ পকীবেৰা আৰু প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন...

ঢকুৱাখনা ৰাজহুৱা শ্মশানৰ পকীবেৰা আৰু প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰৰ ৰাজহুৱা শ্মশানস্থলী "শান্তি ধাম"ৰ এটা স্থায়ী অভাৱ পূৰণৰ পথ প্ৰশস্ত হৈছে । ঢকুৱাখনা নগৰৰ চাৰিকড়িয়া নদীৰ পাৰত অৱস্থিত এই "শান্তিধাম"ৰ চৌহদৰ পকী স্থায়ী বেৰাৰ লগতে মূল প্ৰৱেশদ্বাৰ নিৰ্মাণৰ কাম সোমবাৰে শুভাৰম্ভ কৰা হয় ।

Advertisment

ঢকুৱাখনা ৰাজহুৱা শ্মশান উন্নয়ন সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই নিৰ্মাণ কামত আধাৰশিলা স্থাপন কৰে শান্তিধাম উন্নয়ন সমিতিৰ সভাপতি বিশিষ্ট নাগৰিক ছবিলাল জৈনে। উন্নয়ন সমিতিৰ সম্পাদক পূৰ্ণ চুতীয়া ,বিশিষ্ট ব্যৱসায়ী আনন্দ দত্ত আদি উপস্থিত থকা অনুষ্ঠানত শুভাকাংক্ষী ৰাইজৰ দান বৰঙণিৰে চৌহদৰ পকী বেৰা আৰু নগৰৰ টাউন তিনিআলিৰ উদীয়মান ব্যৱসায়ী দিব্য কোঁৱৰে দান সূত্ৰে আগবঢ়োৱা মূল প্ৰৱেশদ্বাৰৰ "লোৰ গেট"নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে সম্পাদক চুতীয়াই ।

"শান্তিধাম" প্ৰায় ৫ বিঘা মাটি কালিৰে পৰিবেষ্টিত এই পকী দেৱাল নিৰ্মাণৰ বাবে শুভাকাংক্ষী ৰাইজৰ পৰা স্বেচ্ছাই অৰ্থানুদান কামনা কৰিছে সম্পাদক গৰাকীয়ে।

Also Read: 'NDA ৰ কেইবাটাও দল INDIA লৈ আহিবলৈ ৰৈ আছে'- জয়ৰাম ৰমেশ...

ঢকুৱাখনা