/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/04341bf9-302d-49f1-963c-1253f6fb8491/adharsila.jpg)
৯ আঁচনিৰ আধাৰশিলা স্থাপন
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমাগত লোকসভা নিৰ্বাচনৰ তৎপৰতা যেন ক্ৰমাৎ আৰম্ভ হৈছে ৰাজনৈতিক মহলত । অনাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী ৰাজনৈতিক দল সমূহ একত্ৰিত হোৱাৰ সমান্তৰাল ভাৱে শাসক গেৰুৱা দলৰো তৎপৰতা ঢকুৱাখনা বিধানসভা সমষ্টিত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।
তাৰেই অংশ হিচাপে শুক্ৰবাৰে ঢকুৱাখনাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বিধায়ক নৱ দলেৰ সহযোগত ৯ খনকৈ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি প্ৰাক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ।
সাংসদ বৰুৱা শুক্ৰবাৰে পুৱা ঢকুৱাখনাত উপস্থিত হৈ বিধায়ক দলেৰ সহযোগিতাত পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসূঁতি নেপালীৰ পৰা টুৰিবাৰী সংযোগী পথটোৰ ২'৮৫ কিলোমিটাৰ অংশ পকী নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bc8eb658-67cd-4f44-b0b1-9e43ce185054/1442374f_bc67_4e79_96c4_26859c2fdea9.jpg)
মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি শিতানৰ ২০২২-২০২৩ বৰ্ষৰ আৱন্টিত পূঁজিৰে নিৰ্মাণ কৰিবলগীয়া এই পকী পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে,জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই আদি বহু কেইজন দলীয় নেতা কৰ্মী উপস্থিত থাকে ।
ইয়াৰ পাছতে সাংসদ বৰুৱা আৰু বিধায়ক দলেয়ে সুৰেন বুঢ়াগোহাঁই লোকনিৰ্মান পথৰ ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজ তিনি আলিৰ পৰা উজনি যোৱা ধুনাগুৰিলৈ যোৱা পথ, খ জুৱা তিনিআলিৰ পৰা বেবেজিয়া চাৰিআলি সংযোগী পথৰ ৯কিলোমিটাৰ অংশ পকী নিৰ্মাণ, মৌখোৱাৰ পৰা লেচেৰা লোকনিৰ্মাণ পথৰ ৪ কিলোমিটাৰ অংশ, জালভাৰীৰ পৰা বকুলবাৰীলৈ সংযোগী লোকনিৰ্মান পথৰ ৫০০ মিটাৰ অংশ, কঁঠালগুৰিৰ পৰা গৰুখুঁটি সংযোগী লোকনিৰ্মান পথৰ ২'৭০ কিলোমিটাৰ অংশ পকী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনি শিতানত নিৰ্মাণ হ’বলগীয়া সৰ্বমুঠ ৯ খন পথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই গুৰুত্বপূৰ্ণ পথ সমূহৰ নিৰ্মাণৰ জৰিয়তে এখন সমৃদ্ধিশালী আৰু প্ৰগতিশীল সমাজ গঠনত বহুলাংশে সহায়ক হব বুলি আশা প্ৰকাশ কৰে সাংসদ প্ৰদান বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/407d2ee8-4c28-4559-9e66-3a170cce82d2/351d576d_bb09_41e8_9540_6ed687ff1148.jpg)
Also Read: সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিয়ান সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ...