সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিয়ান সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ...

শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজিত সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন খনি ধেমাজি তিনিআলিস্থিত স্বাস্থ্য ভৱনত বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিয়ান সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ...

দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

ডিজিটেল সংবাদ, ধেমাজিঃ শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজিত সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন খনি ধেমাজি তিনিআলিস্থিত স্বাস্থ্য ভৱনত বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

Advertisment

অধিৱেশনৰ প্ৰথমদিনা পুৱা ৯.০০ বজাত সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মেশ্বৰ শইকীয়াই পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

পুৱা ৯.৩০ বজাত ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য প্ৰৱন্ধক বৈকুণ্ঠ ফুকনে উদ্বোধন কৰে অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰক্তদান শিবিৰ।

পুৱা ১০.০০ বজাত ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্য্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে শুভ উদ্ধোধন কৰা “বিজ্ঞানভিত্তিক আলোচনা চক্ৰ” খনি সঞ্চালনা কৰে ধেমাজি অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ জমদগ্নি উপাধ্যায় ৷

দ্বি-বাৰ্ষিক অধিৱেশন
দ্বি-বাৰ্ষিক অধিৱেশন

আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ পেথ'লজি বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ গায়ত্ৰী গগৈ, লেৱৰেটৰী টেকনিয়ান ষ্টেট আৰ্ট মডেল ব্লাড বেংকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ও হস্পিতেলৰ ভূপেন ডেকা, অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ বি. এচ. চি, এল এল টি পাঠ্যক্ৰমৰ প্ৰবক্তা ডাঃ অলোজিত কৰে অংশগ্ৰহণ কৰে ৷ ইতিমধ্যে অধিৱেশনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

ইফালে অধিৱেশনৰ থলীৰ পৰাই সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনেচিয়ান সন্থাৰ দাবী চৰকাৰে অতি শীঘ্ৰেই গ্ৰেড পে আৰু প্ৰমোচনৰ ব্যৱস্থা কৰাৰ দাবী তোলে সদৌ অসম লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ সাধাৰণ সম্পাদক খগেন মহন্তই ৷

দ্বি-বাৰ্ষিক অধিৱেশন
দ্বি-বাৰ্ষিক অধিৱেশন

Also Read: ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ আঁৰত থকা নাৰীগৰাকী কোন?

All Assam Medical Laboratory Technicians Association