ঢকুৱাখনাৰ ২৫০ টাৰো অধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান..

বছৰৰ প্ৰথমটো ভয়াবহ বানৰ গ্ৰাসত পৰিছে ঢকুৱাখনা মহকুমা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ২৫০ টাৰো অধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান..

ঢকুৱাখনাৰ ২৫০ টাৰো অধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান..

ডিজিটেল সংবাদ ঢকুৱাখনাঃ বছৰৰ প্ৰথমটো ভয়াবহ বানৰ গ্ৰাসত পৰিছে ঢকুৱাখনা মহকুমা। ব্ৰহ্মপুত্ৰ, চাম্পৰা, জীয়াঢল, কুমতিয়া নদীৰ বৰ্দ্ধিত জলধাৰাই মহকুমাটোৰ ২৫৪ টা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰিছে।

Advertisment

মহকুমাটোৰ ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই গ্ৰামাঞ্চলসমূহৰ সৰ্বশ্ৰান্ত ৰাইজৰ এনে প্ৰাকৃতিক বিপর্যয়ৰ সময়ত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বিধিগত সহায় সাহায্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। সোমবাৰে মহকুমা প্ৰশাসনৰ শীর্ষ সূত্ৰই জনোৱা মতে ব্ৰহ্মপুত্ৰ মথাউৰীৰ নদীপৰিয়া অৰ্থাৎ নদীৰ দিশত বসবাস কৰা "নন কেদেষ্টিয়েল" গাঁও ক্ৰমে টেকেলিফুটা, বগৰী, লোটাচুৰ, বৰবিল, কংকান চাপৰি, চৰণচুক, মদাৰগুৰি আদি গাঁওৰ প্ৰায় ১০০ টা পৰিয়ালৰ ৪৮৮ গৰাকী সাম্প্ৰতিক বানৰ গ্ৰাসত পৰিছে। 

মহকুমা প্ৰশাসনে এনেবোৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত দাইল, চাউল নিমখ, মিঠাতেল, আলু, আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিছে। তাৰোপৰি মহকুমাটোৰ গাই, কুমতিয়া আৰু জীয়াঢলৰ বানৰ গ্ৰাসত পৰা সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এন চি ত্ৰিশূল, নপাম  কৈৱত্ৰ, লেজুৱা, চকলাগুৰি, কহৰাগুৰি আদি গ্ৰামাঞ্চলৰ মুঠ ১৫৪ টা পৰিয়ালৰ ৬৭৯ গৰাকী বানাক্ৰান্তৰ মাজত সোমবাৰে ঢকুৱাখনা মহকুমা প্ৰশাসনে চাউল, দাইল, মিঠাতেল, নিমখ, আলু আদি খাদ্য সামগ্ৰী যোগান ধৰিছে ।

উল্লেখযোগ্য যে, মঙলবাৰে মহকুমা প্ৰশাসনে চহা পৰিয়ালসমূহৰ মাজত পশুধনৰ বাবে উন্নত মানৰ পশু খাদ্য বিতৰণ কৰিব । স্মৰ্তব্য যে, ঢকুৱাখনা মহকুমাৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীত প্ৰায় ১৯ টা "বইলিং" সৃষ্টি হৈ ত্ৰাসৰ সৃষ্টি কৰিছিল ।

কিন্তু ঢকুৱাখনা জলসম্পদ বিভাগৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত এনেবোৰ পানীৰ উঁহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সমগ্ৰ মথাউৰীটোত জলসম্পদ বিভাগৰ সতৰ্ক দৃষ্টি অব্যাহত আছে বুলি জনাইছে বিভাগৰ শীর্ষ সূত্ৰই।

Also Read: চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন...

ঢকুৱাখনা বানপানী