ঢকুৱাখনাৰ গঞাক চিনি নাপায় নৱ দলেয়েঃ নিৰ্বাচন বৰ্জনৰ হুংকাৰ জনতাৰ

ঢকুৱাখনাত No Bridge, No Vote ৰ হুংকাৰ
ঢকুৱাখনাৰ গঞাক চিনি নাপায় নৱ দলেয়েঃ নিৰ্বাচন বৰ্জনৰ হুংকাৰ জনতাৰ
ঢকুৱাখনাৰ গঞাক চিনি নাপায় নৱ দলেয়েঃ নিৰ্বাচন বৰ্জনৰ হুংকাৰ জনতাৰ

ডিজিটেল সংবাদ ঢকুৱাখনা: এখন দুখন নহয় প্ৰায় ১০খন গাঁৱৰ কৃষিজীৱী নাগৰিকৰ প্ৰতি চূড়ান্ত অৱজ্ঞা এজন বিধায়কৰ।যিখিনি ভোটাৰৰ ভোট শক্তিৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হ'ল বিধায়কজন সেইখিনি ৰাইজকে ক্ষমতা পাই নিচিনা হ'ল এইজন ধৃতৰাষ্ট ৰূপী বিধায়কে।

দেশত উন্নয়ন বিকাশৰ অমৃত কাল চলি আছে। ৰজাঘৰীয়াই ঢাক ঢোল পিটি প্ৰচাৰ কৰি অহা এই অমৃত কালৰ উলংগ স্বৰূপ দাঙি ধৰি আহিছে এইখন জৰাজীৰ্ণ বাঁহৰ দলঙে। কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ মচনদ দখল কৰি অহা বিজেপি চৰকাৰৰ কোনো ধৰণৰ উন্নয়নমূলক আচঁনিয়ে ঢুকি নোপোৱা এইখন ঢকুৱাখনা সদৰৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত অৱস্থিত দলং ।

দলং বুলি ক'লে আচলতে ভুল কোৱা হ'ব । ৰজাঘৰীয়াৰ দৃষ্টি নপৰা এইখন এখন মৰণ ফাণ্ড বুলি ক'লেহে উচিত হ'ব।

ঢকুৱাখনা -ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ পৰা কাঠৰবাৰী হৈ ঘিলাগুৰী সংযোগী লোকনিৰ্মাণ পথৰ চাৰিকড়ীয়া নদীৰ ওপৰত থকা এইখন দলং। কেৱল ঘিলাগুৰী গাঁওবাসীয়ে নহয়, নব চাউৰেক, তুলসী জান, শান্তিপূৰ, টামাৰ গাঁও, দদাবাৰী, বিজয়পুৰ, খজুৱা মিৰি, খুবুং চাপৰি, মইনাপৰা,পাতি গাঁও, কৃষ্ণ পূৰ, খেৰকটা, লক্ষী পথাৰ,ৰাওনাবাৰী আদি প্ৰায় ১০ খন গাঁৱৰ লগতে ৫ খন পঞ্চায়ত, নদীদ্বীপ মাজুলী সংযোগ কৰা এইটো এটা অতি চমু পথ।

এই সদাব্যস্ত পথৰ চাৰিকড়ীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে যুগ যুগ ধৰি ভুক্তভোগী ৰাইজে সাংসদ, বিধায়ক, প্ৰশাসন সকলোকে দাবী জনাই আহিছে।ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, তদানীন্তন সাংসদ সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা সকলোকে সাঁচতীয়া গামোচা পিন্ধাই এখন মাত্ৰ দলং নিৰ্মাণৰ দাবী জনাইছিল কৃষিজীৱি ৰাইজে।

ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দি যোৱা এনেবোৰ ভণ্ড ৰাজনীতিকে পৰৱৰ্তী সময়ত ৰাইজৰ এই দাবীলৈ পিঠি দি মৰটোপনি মাৰিলে। বিগত প্ৰায় ১০ বছৰে বিধায়ক নব দলে,সাংসদ প্ৰদান বৰুৱাই এই স্পৰ্শকাতৰ অভাৱ সমস্যালৈ পিঠি দিয়াত এইবাৰ ৰাইজৰ ধৈৰ্যৰ বান্ধ চিগিল।

মৰণত শৰণ দি বাৰিষা, খৰালি এইখন উৱঁলি যোৱা বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰখা ভুক্তভোগী ৰাইজ সোমবাৰে ঐক্যবদ্ধ হৈ দলংৰ পাৰত সাব্যস্ত কৰে সমজুৱা প্ৰতিবাদ। শিক্ষা স্বাস্থ্য,দোকান বজাৰ, অফিচ, কাছাৰী সকলো ক্ষেত্ৰতে প্ৰতিবন্ধক হৈ থিয় দিয়া এই দলংখন নিৰ্মাণৰ প্ৰতি ধুৰন্ধৰ বিধায়ক সাংসদৰ অৱজ্ঞা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে সোমবাৰে ক্ষোভ উজাৰিলে ৰাইজে।

নিৰ্বাচনৰ পূৰ্বে এখন দলং নিৰ্মাণৰ পতিয়নযোগ্য প্ৰতিশ্ৰুতি নাপালে সমাগত লোকসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত ভোট বর্জনৰ সমূহীয়া সিদ্ধান্তৰে গাওঁসমূহৰ ৰাইজে সবল প্ৰতিবাদ সাব্যস্ত কৰে ।

ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ ঘিলাগুৰী গাঁওবাসীৰ প্ৰতি দায়িত্বহীন ব্যৱহাৰ আচৰণ আৰু তাচ্ছিল্য সূচক মন্তব্যত ক্ষুব্ধ হৈ সোমবাৰে দুপৰীয়া গাঁওখনৰ বৃদ্ধ,বৃদ্ধা,মুনিহ তিৰোতা, যুৱক, যুৱতী সকলো ভুক্তভোগী নাগৰিক ওলাই আহি সমস্বৰে কলে দলং দিয়ক ভোট দিম । অন্যথা ভোট বৰ্জন কৰিম।

ৰাইজৰ এনে ৰুদ্ৰ মূৰ্তিৰ উমান পাই বিধায়ক নৱ দলে প্ৰেৰিত গেৰুৱা দলৰ দুগৰাকী নেতা দুলাল দত্ত আৰু দেবেন গগৈ ৰাইজৰ মাজত উপস্থিত হয় । ৰাইজৰ এই জটিল সমস্যালৈ বছৰে বছৰে পিঠি দি এতিয়া নিৰ্বাচনৰ সময়ত ভোটৰ লোভত অহা নেতা পালিনেতাৰ কোনো কথা নুশুনো বুলি ৰাইজে ক্ষোভ উজাৰি তীব্ৰ ককৰ্থনা কৰে দুই গেৰুৱা নেতাক।

ৰাইজে পথৰ ওপৰতে বহু সময় ধৰি দুয়োগৰাকী গেৰুৱা নেতাক আবদ্ধ কৰি নব দলে, প্ৰদান বৰুৱাৰ কাণ্ডজ্ঞানহীন আচৰণৰ বাবেই ৰাইজ যুগ যুগ ধৰি অবৰ্ণনীয় সমস্যাত ভোগী অহা বুলি কৈ তীব্ৰ নিন্দা কৰি আঁতৰাই পঠাই । ভুক্তভোগী ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদ আৰু ককৰ্থনাত আলোচনা কৰিবলৈ বুলি যোৱা দুই গেৰুৱা নেতাই কিছু সময়ৰ পাছতে লজ্জানত হৈ থৰকাছুটি হেৰুৱাই উভতি আহিবলৈ বাধ্য হয়।

বাৰিষা, খৰালি উভয় কালতে সীমাহীন যন্ত্ৰণাৰ মাজত যাতায়ত কৰি অহা ৰাইজৰ দুখ যন্ত্ৰণাৰ অনুভৱ নকৰা নৱ দলেয়ে ঘিলাগুৰিবাসীক চিনি নাপাওঁ বুলি কৰা মন্তব্যত অসন্তুষ্ট ৰাইজে সমূহীয়া ভোট বর্জনৰ সিদ্ধান্ত সদৰী কৰি এনেবোৰ প্ৰতাৰক, প্ৰবঞ্চক, বিধায়ক ,দলীয় নেতা কৰ্মীক এই অঞ্চললৈ নাহিবলৈ সকীয়াই দিয়ে।

ঢকুৱাখনাৰ গঞাক চিনি নাপায় নৱ দলেয়েঃ নিৰ্বাচন বৰ্জনৰ হুংকাৰ জনতাৰ
ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ মতে দক্ষিণ ভাৰতত এইবাৰ পাছ কৰিব বিজেপি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in