মহঘুলি চাপৰিত ফাটবিহুৰ প্ৰস্তুতি

মহঘুলি চাপৰিত ফাটবিহুৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ স্বাভিমানী আৰু একক জাতীয় লোক সাংস্কৃতিক মহোৎসৱ ফাটবিহু । শতিকা গৰকা এই জাতীয় সাংস্কৃতিক বৈভৱ ফাটবিহু ২০২৪ বৰ্ষত উদযাপনৰ দিন দেওবাৰে নিৰ্ধাৰণ কৰা হয়। অহা অসমীয়া নৱবর্ষৰ ২৭,২৮ আৰু ২৯ বহাগ ইংৰাজী মে মাহৰ ১০তাৰিখৰ পৰা ১২ তাৰিখলৈ তিনি দিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে মহঘুলি চাপৰিত ফাটবিহু বাকৰিত লোক উৎসৱটি অনুষ্ঠিত হ'ব।

দেওবাৰে ফাটবিহু বাকৰিত অনুষ্ঠিত এখন সাধাৰণ পৰিষদৰ সভাই সৰ্বসন্মতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিহু বাকৰিত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সাধাৰণ পৰিষদৰ সভা । ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ফাটবিহু সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববিয়া আৰু সাধাৰণ পৰিষদৰ সদস্য তথা শুভাকাংক্ষী উপস্থিত থাকে। সভাই মুকুল গগৈক সভাপতি ,ভবেন্দ্ৰজিত গগৈ (জ')ক সাধাৰণ সম্পাদক , আশীষ কিশোৰ দাস ,নীলিমা চাংমাই , তৰুণ চেতিয়াক সহকাৰী সাধাৰণ সম্পাদক ,দীপক চমুৱাক বিত্ত সম্পাদক ,সঞ্জয় দে, জ্যোতি প্ৰাঞ্জল ৰয়ক কাৰ্যালয় সম্পাদক, আকাশ জ্যোতি লাহন, অমৰজিৎ পেগু আৰু ত্ৰিনয়ন ভৰালীক প্ৰচাৰ সম্পাদক হিচাবে লৈ এখন ৭২ জনীয়া মৰ্যদা সম্পন্ন উদযাপন সমিতি গঠন কৰা হয় ।

নৱগঠিত উদযাপন সমিতিখনে অচিৰেই অন্য উপ সমিতি সমূহ গঠন কৰি আগত ২০২৪ বর্ষৰ ফাটবিহু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া ,সম্পাদক ভাস্কৰ দাস ,উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ আৰু সম্পাদক ভবেন্দ্ৰজিত গগৈয়ে জাতীয় লোক কৃষ্টি ফাটবিহুৰ সফল উদযাপনৰ বাবে সংস্কৃতিপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা ,প্ৰেৰণামূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে ।

মহঘুলি চাপৰিত ফাটবিহুৰ প্ৰস্তুতি
বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱা ন্যাসৰ বটাঁ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in