বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱা ন্যাসৰ বটাঁ প্ৰদান

বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱা ন্যাসৰ বটাঁ প্ৰদান

ডিজিটেল সংবাদ, গোলাঘাটঃ বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱাৰ নাম মনলৈ আহিলে মনটো ঘুৰি যাব লাগিব ১৯২১ চনলৈ । ১৯২১ চনত মহাত্মা গান্ধী অসম ভ্ৰমণলৈ আহোতে শিমলুগুৰি ৰেল ষ্টেচনত গান্ধীৰ ভাষণ শুনি কংগ্ৰেছৰ ভলন্টিয়াৰ হৈ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল শংকৰ বৰুৱা । গান্ধীৰ অনুগত শংকৰ বৰুৱাৰ সৈতে বিয়া হৈ অন্নপ্ৰভা বৰুৱা বিয়াৰ পিছত যিখন স্বামী গৃহত ভৰি দিছিল সেয়া আছিল কংগ্ৰেছৰ শিবিৰ । আঠমঙলা পিছতে ন-কইনা অন্নপ্ৰভাক হিন্দী শিক্ষাৰ বাবে পঠিয়াইছিল ৱাৰ্ধাৰ আশ্ৰমলৈ । দেওবাৰে বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ পত্নী তথা ত্যাগ আৰু নিৰ্যাতনৰ প্ৰতিমূৰ্তিস্বৰূপ অন্নপ্ৰভা বৰুৱাৰ সোৱৰণত উৎসৰ্গিত বটাঁ গ্ৰহণ কৰি অন্নপ্ৰভা বৰুৱা সম্পৰ্কত এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই।

স্বাধীনতা সংগ্ৰামী অন্নপ্ৰভা বৰুৱাক ত্যাগ আৰু সহিষ্ণুতাৰ প্ৰতীক বুলি অভিহিত কৰি শিক্ষাবিদ তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি বিনীতা দত্তই পুনৰ কয় হিন্দী প্ৰশিক্ষণৰ অন্তত স্বামী গৃহ তথা কংগ্ৰেছ শিবিৰলৈ আহি স্বামীৰ সৈতে স্বাধীনতা সংগ্ৰামত যুক্ত হৈ পৰে । ৪২'ৰ বিপ্লৱত স্বামী শংকৰ বৰুৱা পলাতক হোৱাৰ পিছত অন্নপ্ৰভা বৰুৱাৰ জীৱনলৈ অহা প্ৰচণ্ড ধুমুহা জাক তেওঁ ত্যাগ আৰু সহিষ্ণুতা গুণেৰে মুখামুখি হৈছিল বুলি উল্লেখ কৰি ঘৰ খন পিছত দেশ খন আগত বুলি স্বামীক উৎসাহিত কৰিছিল। দৰিদ্ৰতাৰ মাজেৰে সন্তান সকলক সু প্ৰতিস্থিত কৰিছিল । পৰিবাৰিক সুখ দুখ ত্যাগ কৰিছিল । মূল্যবোধৰ আৰ্দশক প্ৰাধান্য দিয়া মহিয়সী বুলিও বক্তব্যত উল্লেখ কৰে ।

অন্যহাতে এই বটাঁৰ বাবে মই যোগ্য নহয় বুলি উল্লেখ কৰি শিক্ষাবিদগৰাকীয়ে লগতে কয় এই ন্যাস সমিতিয়ে ইতিমধ্যে অসমৰ যি কেইগৰাকী স্বনামধন্য ব্যক্তিক এই বটাঁ প্ৰদান কৰিছে সেইসকলৰ তুলনাত নিজকে নগন্য বুলি উল্লেখ কৰি কয় শিক্ষকতাক মই পেচা হিচাপে লোৱাৰ পৰিবৰ্তে সেৱা ৰূপেহে লৈছিলো । মোৰ বৰ্তমান বয়স হৈছে যদিও মনটো মোৰ তেজাল হৈ আছে । আজি মই মোৰ লগত সূদীৰ্ঘ সময় শৈক্ষিক , সমাজ জীৱনৰ লগত জড়িত থকা সকল আৰু লেখিকা সমাৰোহ সমিতিৰ সমূহ সদস্যৰ হৈ এই বটাঁ গ্ৰহণ কৰিছোঁ বুুলিও উল্লেখ কৰে। অন্যহাতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূবৰ্ণ শইকীয়া বৰদলৈয়ে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বটাঁ প্ৰদান কৰি স্বাধীনতা সংগ্ৰামৰ স্বৰ্ণিল ইতিহাসত অন্নপ্ৰভা বৰুৱাৰ নাম খোদিত হৈ ৰ'ব বুলি মন্তব্য প্ৰকাশ কৰে ।

বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱাৰ ন্যাসৰ পৃষ্ঠপোষকতাত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শাখা সমূহৰ সহযোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত আৰু গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ডালিমী শইকীয়া বৰাৰ সভাপতিত্বত অনুস্থিত বটাঁ প্ৰদান অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা কবিতা ৰাজগুৰু, সাহিত্যিক পেন্সনাৰ জয়ন্তী হিলৈধাৰী ন্যাসৰ সদস্য জীতেন বৰুৱা, পৌৰপতি দুলুমনি বৰবৰা, জেষ্ঠ প্ৰশাসনীক বিষয়া অৰ্পা বাগলাৰী আদি বিশিষ্ট অতিথি ৰূপে উপস্থিত আছিল ।

ন্যাস সমিতিৰ হৈ বক্তব্য প্ৰদান কৰে ডা: অজিত বৰুৱা আৰু তুলতুল বৰুৱাই । গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ৰূপা শইকীয়াই আতঁধৰা অনুষ্ঠান আৰম্ভ হৈছিল চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰু সাামৰণী পৰিছিল অসম সংগীত পৰিৱেশনেৰে ।

ইতিমধ্যে ন্যাসে এই বটাঁ প্ৰদান কৰিছে প্ৰাক্তন মূখ্যমন্ত্ৰী গোলাপ বৰবৰা ,প্ৰাক্তন কৃষি মন্ত্ৰী সোনেশ্বৰ বৰা , গান্ধীবাদী মুক্তিযুদ্ধা হেম ভৰালী , মুক্তিযুদ্ধা দেৱেশ্বৰ দলৈ ,প্ৰাক্তন মন্ত্ৰী ৰমনী বৰ্মণ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেদব্ৰত বৰুৱাক । বিপ্লবী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱাৰ নামত গঠিত হোৱা ন্যাসে হেম ভৰালীৰ পিছত দ্বিতীয় বাৰলৈ অকল অন্নপ্ৰভা বৰুৱাৰ নামত এই বটাঁ প্ৰদান কৰিছে শিক্ষাাবিদ বিনীতা দত্তক ।এই বটাঁত আছিল নগদ দহ হাজাৰ টকা ,প্ৰসস্তিপ্ৰত্ৰকে ধৰি সম্বৰ্ধনাৰ সামগ্ৰী ।

বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু অন্নপ্ৰভা বৰুৱা ন্যাসৰ বটাঁ প্ৰদান
'সংৰক্ষণ'ত থাকেনে 'সমতা'!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in